ভাৰতৰ প্ৰতিবাদী কৃষকৰ কাষত ৩৬ ব্ৰিটিছ সাংসদ, ৰাষ্ট্ৰসংঘই ক’লে—‘আমিও আছো’

a Farmer

দেশৰ কৃষকৰ পেটত গোৰ মাৰিবলৈ ওলোৱা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষক সমাজে দিল্লীত বিগত ১১ দিন ধৰি আন্দোলন অব্যাহত ৰাখিছে।

দিল্লীৰ হাড় কঁপোৱা শীতকো উপেক্ষা কৰি হাজাৰ হাজাৰ বৰ্ষীয়ান কৃষকে ৰাজপথতে প্ৰতিবাদ অব্যাহত ৰাখিছে।

তথাপি কৃষকৰ দাবীৰ কোনো সুমীমাংসা উলিয়াব পৰা নাই ভাৰত চৰকাৰে।

দেশৰ কৃষকৰ এনে সংকটৰ সময়তে সুদূৰ ব্ৰিটেইনৰ ৩৬ গৰাকী সাংসদে কৃষকৰ কাষত থিয় দিছে।

ভাৰতৰ কৃষকসকলৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই ৩৬ জন ব্ৰিটিছ সাংসদে আনকি বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰৰে কথা পাতিবলৈ ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবক চিঠিও লিখিছে।

ব্ৰিটেইনৰ লেবাৰ পাৰ্টীৰ সাংসদ দলজিৎ সিং দেছিয়ে ভাৰতৰ কৃষকসকলৰ ন্যায় প্ৰাপ্তিৰ বাবে লেবাৰ পাৰ্টীয়ে যুঁজ দি যাব বুলি ঘোষণা কৰিছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও এটা সাক্ষাৎকাৰত পুনৰ বাৰ কৈছে যে কোনো কূটনৈতিক হেঁচাই তেওঁক ভাৰতৰ প্ৰতিবাদী কৃষকসকলৰ কাষৰ পৰা আঁতৰাই আনিব নোৱাৰে।

ইপিনে ৰাষ্ট্ৰসংঘয়ো ভাৰতৰ কৃষকসকলৰ পক্ষত থিয় দিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে এক বাৰ্তাত কৈছে যে ৰাষ্ট্ৰসংঘ কৃষকসকলৰ পক্ষে আছে। কৃষকসকলে ন্যায় পোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই মাত মাতিব বুলিও তেওঁ কয়।

উল্লেখ্য কৃষক বিদ্ৰোহলৈ মুকলি সমৰ্থন জনোৱাৰ বাবেই কানাডাৰ চৰকাৰৰ বিৰুদ্ধেও ক্ষুদ্ধ হৈ পৰিছে ভাৰত চৰকাৰ।

গুৰু পৰৱৰ সময়তো ভাৰতৰ শিখধৰ্মী লোকসকলক উদ্দেশ্যি কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুডোৱে দিয়া ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি কৈছিল যে ভাৰতৰ কৃষকসকল এনে দুৰ্দশা সচাঁকৈয়ে দুৰ্ভাগ্যৰ কথা।

আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে যদিও ভাৰতৰ কৃষকসকলে শান্তিৰে আন্দোলনো কৰিব পৰা নাই বুলি তেওঁ মন্তব্য কৰিছিল।

ট্ৰুডোৰ এনে মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতৰ বিদেশ দপ্তৰে এইবুলি কৈছিল যে কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এনে মন্তব্যই একাংশ বিচ্ছিন্নতাবাদীক উৎসাহিত কৰিব।

ইপিনে কানাডাত ভাৰতৰ কৃষকসকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ঠায়ে ঠায়ে কাৰ ৰেলী আৰু আন ৰেলীও উলিওৱা হৈছে।

কৃষকৰ পক্ষত থিয় দিয়াৰ বাবেই ৭ ডিচেম্বৰত কানাডাত অনুষ্ঠিত হবলগীয়া কোভিড সন্মিলনত অংশগ্ৰহণ নকৰে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে।