বানেধোৱা মৰিগাঁৱৰ সোণালী পথাৰত দাৱনীৰ সীমাহীন ব্যস্ততা

aa kk

আঘোণৰ নিঁয়ৰ সিক্ত সোণোৱালী পথাৰত,প্ৰখৰ ৰ’দকো নেওচি সোণগুটি চপোৱাত সীমাহীন ব্যস্ততা বানপীড়িত মৰিগঞা কৃষকৰ।

সোণগুটি ধাননী পথাৰত এতিয়া মাথো দাৱনীৰ কাঁচিৰ খছ-খছ শব্দ। ধানৰ ন’ৰাত বহি বিয়নীমেল পাতি কলপাতত চকলা-চকল ৰবাৱ টেঙাৰ সোৱাদ ,মুখত পছা তামোলৰ শেলেঙীৰে বৰতৰ এফাঁকি গীত জুৰি দাৱনীসকল যেন সীমাহীন আনন্দত মতলীয়া ।

সকলো দুখ ভাগৰ একাশৰীয়া কৰি জাক-জাক মুনিহ তিৰোতাই এতিয়া পুৱাৰ পৰা দুপৰলৈ ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত । উল্লেখ্য বানে প্ৰতি বছৰে মৰিগাঁওৰ খেতিয়কৰ সপোন থান-বান কৰি আহিছে।

শেহতীয়া বানৰ ফলত মৰিগাঁওৰ বহু কৃষক ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে।