NORTHEAST NOW (Assamese)

মহানগৰীত ৰেইলৰ খুন্দাত প্ৰাণ গ’ল পিতৃ-কন্যাৰ

March 20, 2019 10:44 pm · কল্পজ্যোতি শইকীয়া

গুৱাহাটীৰ নাৰেঙ্গী সমীপৰ বোন্দাত আজি সংঘটিত এক শোকাৱহ দুৰ্ঘটনা এখন নামনিমুৱা দ্ৰুতবেগী মালবাহী ৰেইলৰ খুন্দাত থিতাতে প্ৰাণ গ’ল পিতৃ-কন্যাৰ।

ঘটনা বিবৰণ অনুসৰি আজি বিয়লি ৪ মান বজাত ৰেইল আহি থকাৰ সময়তে পিতৃ, পুত্ৰ আৰু কন্যাই ৰেইলৰ চিৰি পাৰ হৈছিল। তেনেতেই নামনিমুৱা দ্ৰুতবেগী ৰেইলখনে তিনিওকে মহটিয়াই লৈ যায়। ফলত ৰপন বড়ো(৩০) লোকজনৰ লগতে তেওঁৰ চাৰিবছৰীয়া কন্যা ময়ুৰী বড়োৱে থিতাতে মৃত্যুক সাবটি ল’বলগীয়া হয়।

ইপিনে, ৰেইলৰ খুন্দাত গুৰুতৰভাৱে আহত হয় সোমেশ্বৰ বড়ো নামৰ ডেৰ বছৰীয়া শিশুটিৰ। বৰ্তমান শিশুটি জি এম চি এইছত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰ মহানগৰীৰ পশ্চিম চপাইদাঙত বুলি জানিব পৰা গৈছে।

ইপিনে, আজি একেটা দিনতে উজনিমুৱা মৰিয়নী এক্সপ্ৰেছৰ পৰা পৰি হোজাইত নিপুল দে নামৰ এজন লোকো মৃত্যুমুখত পৰে।

Related News