লক্ষ্য ১০০ সন্তান: ৬০ তম সন্তানৰ জন্মৰ পিছত তেওঁ আৰু বিচাৰি আছে পত্নী!

পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কোৱেটাৰ বাসিন্দা চৰ্দাৰ হাজী জান মুহাম্মাদ খান। তেওঁ অলপতে তেওঁৰ ৬০ তম সন্তানৰ পিতৃ হৈছে। কিন্তু তেওঁৰ লক্ষ্য হৈছে ১০০ টা সন্তানৰ পিতৃ হোৱা। তেওঁ নিজৰ লক্ষ্য পূৰণ কৰিবলৈ এতিয়া আৰু পত্নী বিচাৰি আছে।

জানিব পৰা মতে, জান মুহাম্মাদৰ বৰ্তমান তিনিগৰাকী পত্নী আছে। তেওঁ এতিয়া চতুৰ্থ পত্নী এগৰাকী বিচাৰি আছে।

বাতৰি অনুসৰি, জান মুহাম্মাদৰ পত্নীয়ে এতিয়ালৈকে ৬০ টা সন্তান জন্ম দিছে আৰু তাৰ ভিতৰত ৫৫ জন এতিয়াও জীয়াই আছে। তেওঁলোক সকলো স্বাস্থ্যৱান। বাকী পাঁচজনৰ মৃত্যু হৈছে। জান মুহাম্মাদে ইমানবোৰ সন্তান আৰু পত্নীৰ সৈতে একেটা ঘৰতে বাস কৰে।

লগতে পঢ়ক: পুনৰ অঘটন! উৰিষ্যাত মালবাহী জাহাজত উদ্ধাৰ আন এগৰাকী ৰাছিয়ান নাগৰিকৰ মৃতদেহ

পঞ্চাশ বছৰীয়া চৰ্দাৰ জান মুহাম্মাদ খান কোৱেটা চহৰৰ ইষ্টাৰ্ণ বাইপাছ অঞ্চলৰ বাসিন্দা আৰু খালজী বংশৰ সদস্য। তেওঁ এজন ফাৰ্মাচিষ্ট আৰু অঞ্চলটোত তেওঁৰ এখন ক্লিনিক আছে। জান মুহাম্মাদ খানে তেওঁৰ ৬০ তম সন্তানৰ নাম ৰাখিছে খুশহাল খান।

আপোনাৰ ইমানবোৰ শিশুৰ নাম মনত আছেনে? এনে প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “কিয় নাথাকিব?  জান মুহাম্মাদে লগতে কয় যে তেওঁ চতুৰ্থবাৰৰ বাবে বিয়া কৰিব বিচাৰে আৰু সেইকাৰণে তেওঁ কইনা বিচাৰি আছে। “মই মোৰ সকলো বন্ধুবৰ্গক মোৰ চতুৰ্থ বিবাহৰ বাবে কইনা বিচাৰিবলৈ কৈছো। মোৰ বয়স বাঢ়িছে, গতিকে মই সোনকালে বিয়া পাতিব বিচাৰো।‘’ 

তেওঁৱেই যে কেৱল অধিক সন্তান বিচাৰে এনে নহয়, তেওঁৰ পত্নীয়েও একেধৰণে অধিক সন্তান বিচাৰে। তেওঁলোকৰ সন্তানসকলৰ মাজত পুত্ৰতকৈ অধিক কন্যা সন্তান আছে। কিছুমান শিশুৰ বয়স ২০ বছৰতকৈ অধিক, কিন্তু তেওঁলোকৰ কোনেও এতিয়ালৈকে বিবাহিত নহয় আৰু অধ্যয়ন কৰি আছে। জান মুহাম্মাদে কয় যে তেওঁৰ কোনো ডাঙৰ ব্যৱসায় নাই, তেওঁ কেৱল ক্লিনিকৰ উপাৰ্জনেৰে সকলো খৰচ চলাব লাগে। যদিও ইয়াৰ আগতে তেওঁৰ সন্তানৰ সৈতে বিশেষ সমস্যা হোৱা নাছিল, যোৱা তিনি বছৰত পাকিস্তানত ঘটা বৃহৎ মুদ্ৰাস্ফীতিৰ বাবে তেওঁৰ পৰিয়ালটোৰ খৰচৰ বাবে যথেষ্ট সমস্যাত পৰিছে।

লগতে পঢ়ক: ‘গান্ধী-গডছে এক যুদ্ধ’ৰ টিজাৰ মুকলি: নৰমপন্থী গান্ধীৰ মুখামুখি চৰমপন্থী নাথুৰাম

তেওঁ কয় যে বাণিজ্যৰ অৱস্থা বেয়া, সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তিনিগুণ বৃদ্ধি পাইছে। মুদ্ৰাস্ফীতিৰ ফলত পাকিস্তানৰ সকলো লোক, বিশ্বৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে। এইটোৱে মোৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে।

যদিও তেওঁ শিশুক ডাঙৰ-দীঘল কৰাৰ বাবে কাৰো সহায় বিচৰা নাই, জান মুহাম্মাদে কয় যে ৰাষ্ট্ৰখনৰ নাগৰিক হিচাপে তেওঁৰ সন্তানৰো সকলো সুবিধা লাভৰ অধিকাৰ আছে। তেওঁ দাবী কৰে যে অধিক সন্তান জন্ম দিয়াৰ বাবে তেওঁক কোনো ভাট্টা দিলে ই তেওঁক লাভান্বিত কৰিলেহেঁতেন।

চৰ্দাৰ জান মুহাম্মাদ খান বেলুচিস্তানৰ বহু সন্তানৰ পিতৃৰ দ্বিতীয় উদাহৰণ। ইয়াৰ পূৰ্বে বেলুচিস্তানৰ আব্দুল মজিদ মেংগাল নামৰ এজন ব্যক্তিয়ে ছয় বাৰ বিয়া কৰাইছিল আৰু ৫৪ টা সন্তান জন্ম দি বাতৰিৰ শিৰোনাম দখল কৰিছিল।

আব্দুল মজিদ মেংগালৰ যোৱা মাহত ৭৫ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ জীৱনকালত তেওঁ দুগৰাকী পত্নী আৰু ১২ টা সন্তানৰ মৃত্যু হৈছিল।

লগতে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ! কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তি টেনিছ খেলুৱৈ নাভ্ৰাটিলোভা

২০৫০ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যা বৃদ্ধিত ভূমিকা পালন কৰা আঠখন দেশৰ ভিতৰত পাকিস্তান অন্যতম।ৰাষ্ট্ৰসংঘৰ  তথ্য অনুসৰি, ১৯৬০ চনৰ পৰা বিশ্বব্যাপী জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাই আহিছে আৰু ২০২০ চনত ই এক শতাংশতকৈও কম আছিল। কিন্তু য’ত বিশ্বত জনসংখ্যা বৃদ্ধিৰ হাৰ এক শতাংশৰ তলত আছে, পাকিস্তানত এতিয়া ই ১.৯ শতাংশ।