Nagaland Massacre: টকাৰে ন্যায় নাহে, দোষী সেনা বিষয়াক শাস্তি দিয়ক: নাগালেণ্ডৰ সেনাৰ গুলীত নিহত নিৰীহৰ পিতৃ

WhatsApp Image 2021-12-07 at 9.22.16 AM

Nagaland Massacreনাগালেণ্ডৰ মন জিলাৰ অ’টিঙত সেনাৰ নিৰ্বিচাৰ গুলীত ১৪জনকৈ নিৰীহ লোকৰ মৃত্যুৰ পাছত ইয়াৰ জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। সেনাৰ নিৰ্বিচাৰ গুলীত ৬জন নাবালকৰো মৃত্যু ঘটিছে।

চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে এছআইটি টীম গঠন কৰিছে আৰু এই ঘটনাত নিহতসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে ৫লাখকৈ টকা আৰু আহতসকলক ১লাখকৈ টকাকৈ সাহায্যৰ কথা ঘোষণা কৰিছে।

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী নিহত পৰিয়াললৈ ১১লাখ টকাৰ আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে।

Also Read: Encounter: নগাঁৱত গুলীবিদ্ধ ম’ষ্ট ৱান্টেড আব্দুল বাছেট ওৰফে ইফু; আৰক্ষীৰ মূৰৰ কামোৰণি এক অধ্যায়ৰ সামৰণি!

ইপিনে, এই ঘটনাত নিহত এগৰাকী নিৰীহ নাবালকৰ পিতৃয়ে কয় যে ন্যায় টকাৰে পোৱা নাযায়, ইয়াৰ বাবে সেনাৰ দোষী বিষয়াই শাস্তি পোৱা উচিত।

তেওঁৰ পুত্ৰ এক বিয়াৰ অনুষ্ঠানত উপস্থিত হৈছিল। এই বিবাহ অনুষ্ঠানত ন ৫গৰাকী নাবালকো উপস্থিতি যিকেইগৰাকী সেনাৰ নিৰ্বিচাৰ গুলীত নিহত হৈছে। আনহাতে, যিগৰাকী যুৱকৰ বিয়া হৈছে তেওঁৱো নিহত ঘটিছে। এটা অঞ্চলৰে ১৪জনকৈ লোক নিহত হোৱাৰ পাছত গোটেই গাঁৱখনে শোকত ডুব গৈছে।

Also Read: নাগালেণ্ডৰ সেনাৰ দ্বাৰা নিৰীহ লোকৰ হত্যাকাণ্ডক ‘ক’লা দিন’ হিচাপে অভিহিত গৌৰৱ গগৈৰ

এই ঘটনাৰ ক্ষোভ চলি থকাৰ মাজতে সোমবাৰে নাগালেণ্ডৰ বিভিন্ন অঞ্চলত বন্ধ পালন কৰা হয়। বিভিন্ন দল-সংগঠনে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা)প্ৰত্যাহাৰৰ দাবী তুলিছে।