NORTHEAST NOW (Assamese)

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

July 9, 2025 11:30 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 9, 2025 10:02 am

দেশত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। অভিযোগ অনুসৰি, পিতৃ সমাজক লজ্জানত কৰা এজন ব্যক্তিয়ে তেওঁৰ নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ কৰে। যাৰ ফলত গৰ্ভধাৰণ কৰে নাবালিকা গৰাকীয়ে।

ইয়াৰ পিছত পৰিয়ালটোৱে ভুক্তভোগী নাবালিকাগৰাকীৰ চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যা্য। দিল্লীলৈ গৈ থকা অৱ্স্থাত ৰে’লতে সন্তান প্ৰসৱ কৰে নাবালিকাগৰাকীয়ে। তাৰপিছত নজাতকক ৰে’লতে পৰিত্যাগ কৰি পৰিয়ালটোৱে পলায়ন কৰে।

যেতিয়া ৰে’ল আৰক্ষীয়ে পৰিত্যক্ত শিশুটিৰ কান্দোন শুনে তেতিয়া ঘটনাৰ কথা পোহৰলৈ আহে।

জানিব পৰা মতে, পিতৃৰ কামনাৰ বলি হোৱা নাবালিকাগৰাকী বিহাৰৰ চাপৰাৰ বাসিন্দা। অভিযোগ অনুসৰি বিগত দুবছৰ ধৰি পিতৃয়ে মদ্যপান কৰি তেওঁক বলাৎকাৰ কৰি আহিছিল। যাৰ ফলত নাবালিকাগৰাকীয়ে গৰ্ভধাৰণ কৰিছিল। পৰিয়ালৰ লোকে যে চিকিৎসাৰ বাবে তেওঁক দিল্লীলৈ লৈ গৈ আছিল – সেইটোৱেই নাবালিকাই জানিছিল।

অৱশ্যে ৰে’লতে সন্তান জন্ম হয়। বাৰাণসীত ৰে’লখন ৰওতে পৰিয়ালটোৱে নৱজাতকক এটা বেগত ভৰাই আন এখন ট্ৰেইনত থৈ ​​যায়। শিশুটিৰ কান্দোন শুনি আৰক্ষীয়ে উদ্ধাৰ কৰে।

উল্লেখ্য যে যিটো বেগৰ পৰা শিশুটিক উদ্ধাৰ কৰা হৈছিল তাত এখন চিম কাৰ্ড আছিল। সেই চিম কাৰ্ডৰ সবিশেষ উলিয়াই নাবালিকাগৰাকীৰ পিতৃক আৰক্ষীয়ে মোৰাদাবাদলৈ মাতি আনে। জেৰা কৰাৰ লগে লগে সকলো তথ্য পোহৰলৈ আহে। ভুক্তভোগীৰ পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বিহাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।ইফালে নাবালিকাগৰাকীৰ পৰিয়ালে নৱজাতকৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাৰ বাবে শিশুটিক কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত ‘শিশু কল্যাণ সমিতি’ৰ অধীনত ৰখা হৈছে।

Related News