থলুৱা বিষয়াৰ কান্ধত বন্দুক থৈ বহিৰাগত বিষয়াই পাতিছে নেকি ফন্দি? FCIৰ চাউল কেলংকাৰিত জড়িত ৩ জনক গ্ৰেপ্তাৰ

১.২ কোটি টকীয়া চাউল কেলেংকাৰীত কিয় অভিযুক্ত নহ’ল বহিৰাগত বিষয়া ?

Lakheswar 123(1)

থলুৱা বিষয়াক পদবীচ্যুত কৰাৰ বাবে সক্ৰিয় নেকি এক বহিৰাগত লবী? বা থলুৱা বিষয়াৰ কান্ধত বন্দুক থৈ বহিৰাগত বিষয়াই পাতিছে নেকি ফন্দি? কিছুমান কাণ্ডৰ পৰাই এই প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছে সচেতন মহল।

২০১৩-১৪ বৰ্ষত সংঘটিত হোৱা ১.২ কোটি টকাৰ চাউল কেলেংকাৰিত জড়িত থকাৰ অভিযোগত BIEO-এ গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ চৰকাৰী বিষয়াক। ইয়াৰে দুগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু আন এগৰাকী গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ পূৱ ৰে’লৱেৰ মুখ্য বাণিজ্যিক প্ৰবন্ধক।

কেলেংকাৰিটো সংঘটিত হোৱাৰ সময়ৰ জেনেৰেল মেনেজাৰ লক্ষেশ্বৰ শইকীয়া, ধীৰিম্ব হাজৰিকা(EX AGM OF FCI)  আৰু তিলক চন্দ্ৰ ভট্টাচাৰ্য (EX AGM1, ContactBranch FCI, Guwahati)ক আজি BIEO-এ গ্ৰেপ্তাৰ কৰিছে।

BIEOৰ এগৰাকী তদন্তকাৰী বিষয়া পূৰবী মজুমদাৰে জনোৱা অনুসৰি ‘এই গোচৰৰ মেইন বেচিছ আছিল যে সেই সময়ৰ FCIৰ জেনেৰেল মেনেজাৰ আৰু অন্য কেইগৰাকীমান অপৰাধীৰ সৈতে সংস্পৰ্শত আছিল। তেওঁলোক কেইগৰাকীমান ঠিকাদাৰৰ সৈতে সম্পৰ্কত আছিল আৰু এটা ফাৰ্মক অৰুণাচল প্ৰদেশলৈ এই চাউলখিনি কঢ়িয়াই নিবলৈ ঠিকা দিছিল।‘

‘ঠিকা দিয়াৰ সময়ত বেংক গ্যেৰান্টি দিয়া হোৱা নাছিল বেংকৰ ফালৰ পৰা। অসমৰ পৰা অৰুণাচললৈ যিহেতু যাব সেয়েহে হোজাই শাখাৰ পৰা এই গ্যেৰান্টি দিয়াৰ কথা আছিল। এই ঠিকা বন্ধ হৈ যোৱাৰ পাছত যেতিয়া বৰ্তমানৰ সহকাৰী জেনেৰেল মেনেজাৰে এনকেছ কৰিবৰ কাৰণে বেংকলৈ লিখিলে তেতিয়া গম পালে যে এইটো হোজাই ব্ৰাঞ্চৰ পৰা ইচ্ছ্যু কৰা হোৱা নাছিল।‘ মজুমদাৰে লগতে কয়।

মজুমদাৰে জনোৱা অনুসৰি গুৱাহাটী শাখাৰ পৰা ভুৱাকৈ বেংকৰ গ্যেৰান্টি দিয়া বুলি এখন লিখিত পত্ৰ FCI ৰ মুখ্য কাৰ্য্যালয়ত দিছিল।

কিন্তু এইখিনিতে প্ৰশ্ন উঠিছে যে এই কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড এতিয়াও অভিযুক্ত হিচাপে চিনাক্ত হোৱা নাই নেকি?

FCIৰ এক উচ্চতৰীয় সূত্ৰই জনোৱা অনুসৰি ‘শইকীয়া ছাৰ কিয় গ্ৰেপ্তাৰ হৈছে নাজানো। এই কামৰ ঠিকা আৰম্ভ হৈছিল ২০১৩ৰ শেষৰ ফালে। যিকেইখন ট্ৰাক হেৰাই আছিল সেইকেইখন ২০১৫ত চিনাক্ত হৈছে। ছাৰ সেই সময়ত গুছি গ’ল। তেওঁ ঠিকাদাৰক এক্সেপ্ট কৰিছিল।‘

‘ছাৰৰ তলত এজন ডেপুটি জেনেৰেল মেনেজাৰ আছিল তেওঁৰ নাম অনুপম ডুবে। তেওঁক অধ্যক্ষ হিচাপে লৈ এখন কমিটি গঠন কৰা হৈছিল। তেওঁ ৰিকমেণ্ড কৰাৰ পাছত ছাৰে সেইয়া গ্ৰহণ কৰে। কমিটিয়ে যি উপদেশ দিয়ে শইকীয়া ছাৰে তাকে এক্সেপ্ট কৰে। বহুত ট্ৰাক হৰলুকি কৰাৰ পাছত গম পোৱা গ’ল যে বেংকৰ গ্যেৰান্টিটো বৈধ নাছিল।‘

ইপিনে, হেৰুওৱা ট্ৰাকসমূহ ৰে’লৱেৰ IRESO ভাস্কৰ হাজৰিকাৰ দিনত উদ্ধাৰ হৈছিল বুলি সূত্ৰটোৱে জনায়।

লক্ষেশ্বৰ শইকীয়া জেনেৰেল মেনেজাৰ পদৰ পৰা বদলি হোৱাৰ পাছত ৩-৪ মাহৰ বাবে ৰাজা শেখৰ নামৰ বিষয়া এগৰাকী FCIৰ জেনেৰেল মেনেজাৰ হিচাপে দায়িত্বত আছিল বুলি সূত্ৰত প্ৰকাশ পাইছে।

‘হয়বৰগাঁওৰ পৰা চাউলখিনি লৈ ভালুকপুঙত দিওঁতে ডেৰমাহ সময় লগাইছিল ঠিকাদাৰজনে। নিয়ম অনুসৰি ৬-৭ দিনৰ ভিতৰত ভালুকপুং পাবগৈ লাগে।এইটো কথাৰ দুটা ফাইল আঞ্চলিক কাৰ্যালয়ত গৈছিল। সেই সময়ত শইকীয়া চাৰ কামৰ পৰা ওলাই গৈছিল যদিও ঠিকাটো চলি আছিল। সেই ঠিকাদাৰজনক তেতিয়াই বাহিৰ কৰি দিয়াৰ দাবী উঠিছিল। সেই দাবী তেতিয়াই পূৰণ কৰাহেঁতেন ইমানখিনি ট্ৰাক হৰলুকি নহ’লহেঁতেন বা লোকচান নহ’লহেঁতেন।‘

তাৎপৰ্যপূৰ্ণভাৱে সুত্ৰটোৱে দাবী কৰা মতে লক্ষেশ্বৰ শইকীয়াৰ বদলিৰ পাছত সেই সময়ৰ জেনেৰেল মেনেজাৰ ৰাজা শেখৰে অভিযুক্ত ঠিকাদাৰজনক ঠিকাৰ পৰা বাহিৰ কৰি নিদিলে।

এইখিনিতে প্ৰশ্ন উত্থাপন হয়, এতিয়ালৈকে ৰাজা শেখৰ নামৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত জেনেৰেল মেনেজাৰজনক BIEO-এ সোধা-পোছা কৰা নাই বা তদন্তৰ আওতালৈ অনা নাই কিয়?

আৰু এটা কথা উল্লেখ কৰিব লাগিব যে শইকীয়াৰ ঠিক তলৰ পৰ্যায়ৰ সেই সময়ৰ DGM অনুপম ডুবে, যি বৰ্তমান ছত্তিশগড় FCIৰ জেনেৰেল মেনেজাৰ হিচাপে কৰ্মৰত, সেই বিষয়াজনক বৰ্তমানলৈকে BIEO-এ তদন্তৰ আওতালৈ কিয় অনা নাই?

কিয়নো বেংক গ্যেৰান্টি ভেৰিফিকেশ্যন কমিটিৰ অধ্যক্ষৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে ঠিকাদাৰে দিয়া বেংক গ্যেৰান্টি খন পৰীক্ষা নিৰীক্ষা কৰি স্বাক্ষৰৰ বাবে সেই সময়ৰ জেনেৰেল মেনেজাৰৰ ওচৰলৈ পঠিয়াইছিল।

কিন্তু বৰ্তমান পৰ্যন্ত তেওঁৰ বিৰুদ্ধে কোনেও প্ৰশ্ন উত্থাপন কৰা নাই কিয়? যদি বেংক গ্যেৰান্টিৰ বৈধতাৰ ওপৰতে এই গোচৰ ৰুজু হৈছে তেন্তে নিশ্চয়কৈ সেই বিষয়াজনকো গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰাৰ প্ৰয়োজনীয়তা আছে।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি সেই সময়ৰ ঠিকাদাৰ অৰুণ কুমাৰে ভুৱা বেংক গ্যেৰান্টি দিছিল যাক বৰ্তমানলৈকে কৰায়ত্ত কৰিব পৰা নাই BIEO-এ।

প্ৰশ্ন উত্থাপিত হৈছে থলুৱা বিষয়াৰ ওপৰত যিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে বা গ্ৰেপ্তাৰ কৰি তদন্তৰ আওতালৈ অনা হৈছে, ঠিক সেইদৰে তদন্তৰ আওতালৈ নানি বহিৰাগত লবীটোক পলায়নৰ বাবে সুবিধা কৰি দিয়া হৈছে নেকি?

পূৰ্বৰ পৰাই উত্থাপিত হৈ অহা অভিযোগ যে বহিৰাগত প্ৰশাসনিক উচ্চ পদস্ত বিষয়াৰ লবী এটাৰ ক্ৰিয়াৰ ফলত বহু অসমীয়া বিষয়া ইতিমধ্যে পদচ্যুত হ’বলগীয়া হৈছে। তেনে এক ঘটনাৰে পুনৰাবৃত্তি হৈছে নেকি এই কেলেংকাৰিৰ তদন্তত?

বহিৰাগত লবীৰ বাবেই এতিয়া ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকালৰ সীমা বৃদ্ধিত কিছু কিছু ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বহুতেই উল্লেখ কৰিছে যে ইতিমধ্যে SI কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সঞ্জীত কৃষ্ণৰ কাৰণে জ্যেষ্ঠ ভাতৃ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল বৃদ্ধিৰ এক অজুহাত হিচাপে দেখুওৱা হৈছে।