বজাৰলৈ আহি আছে ‘আত্মহত্যাৰ পৰা বচাব পৰা’ স্প্ৰে!

Ketamine vs Esketamine

বিভিন্ন কাৰণত মানুহৰ মনলৈ আত্মহত্যাৰ ভাৱ আহিব পাৰে। ইয়াৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে বিষন্নতা বা ডিপ্ৰেশ্যন।

এনে ডিপ্ৰেশ্যনৰ পৰা অহা আত্মহত্যাৰ প্ৰৱণতা হ্ৰাস কৰিবলৈ বজাৰলৈ আহি আছে এবিধ স্প্ৰে।

এই স্প্ৰে বিধৰ নাম হৈছে স্প্ৰেভাটো (Spravato)। মনলৈ অহা আত্মহনন ভাৱ দূৰ কৰাত স্প্ৰেভাটোই সহায় কৰে।

নাকত ব্যৱহাৰ কৰিবলগীয়া এই স্প্ৰে’ক দৰৱ হিচাপে অনুমোদন প্ৰদান কৰিছে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে।

সেইবুলি সকলোৰে বাবে এই দৰৱ নহয়। বিষন্নতাৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ বাবে থকা আন দৰৱসমূহে কাম নিদিলেহে এই দৰৱ অৰ্থাৎ স্প্ৰে’টো ব্যৱহাৰ কৰিব।

জনছন এণ্ড জনছনে প্ৰস্তুত কৰা এই স্প্ৰে বজাৰলৈ আহি আছে।

কৰ’নাৰ সংক্ৰমণৰ সময়ত লকডাউনত বন্দী হৈ থাকি নিজকে সুস্থ কৰি ৰখাৰ বাবে সমাজৰ পৰা দূৰত্ব বজাই ৰখাটো বহুতৰে বাবে কঠিন হৈ পৰিছে। বহুতৰে বাবে এনে পৰিস্থিতি হৈ পৰিছে অসহ্যকৰ।

আমেৰিকাত এইদৰে ডিপ্ৰেশ্যনৰ গুৰুতৰ সমস্যাৰ চিকাৰ হৈ পৰা লোকসকলক লৈ চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। দেশখনত এনে লোকৰ সংখ্যা প্ৰায় ১.৭কোটি।

এনে বৃহৎ সংখ্যাৰ লোকৰ ভিতৰত ১১/১২ শতাংশৰ মাজত আত্মহত্যাৰ প্ৰৱণতা আছে। এনে লোকৰ বাবে অনুমোদন লাভ কৰা দৰৱটো প্ৰস্তুতকাৰী সংস্থাটোৱে অতি সোনকালেই বজাৰলৈ উলিয়াই দিয়াৰ সম্ভাৱনা আছে।