NORTHEAST NOW (Assamese)

আফগানিস্তানত শতাধিক অপৰাধীক কাৰাদণ্ড বিহা মহিলা ন্যায়াধীশ মাচুমাৰ জীৱনলৈ এতিয়া আহিছে ভাবুকি

September 29, 2021 9:29 am · এন ই নাও নিউজ,গুৱাহাটী

আফগানিস্তানৰ এগৰাকী সাহসী ন্যায়াধীশ মাচুমা। বিগত কেইবাটাও বছৰত মাচুমাই দেশ খনৰ বহু অপৰাধীক কাৰাদণ্ড বিহিছে।

বিশেষকৈ মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰি মাচুমাৰ হাতৰ পৰা কোনো অপৰাধীয়েই সাৰি যাব পৰা নাই।

কিন্তু সেই গৰাকী সাহসী মহিলা ন্যায়াধীশেই এতিয়া ভুগিছে প্ৰাণৰ সংশয়ত।

জীৱন ৰক্ষা কৰিবলৈ এতিয়া তেওঁ আফগানিস্তানৰ নিজৰ ঘৰ খন এৰি কাষৰীয়া দেশলৈ পলায়ন কৰিবলগীয়া হৈছে।

তালিবান সন্ত্ৰাসবাদীয়ে আফগানিস্তান দখল কৰি লোৱাৰ পিছতে আফগানিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা বহু দুৰ্ধৰ্ষ অপৰাধীক মুক্তি দিয়া হৈছে।

মুক্তি লাভ কৰা অপৰাধীসকলৰ ভিতৰত মাচুমাই দণ্ড বিহা বহু অপৰাধীও আছে।

কাৰাাগাৰৰ পৰা ওলায়েই সেয়ে সেই অপৰাধীসকলে মাচুমাক হত্যা কৰাৰ ভাবুকি দিছে। মাচুমাৰ ফোনত অহৰহ হত্যাৰ ভাবুকি অহাৰ বাবেই তেওঁ বোৰ্খা পৰিধান কৰি এখন গাড়ীৰে আফগানিস্তানৰ পৰা পলায়ন কৰিছে।

সংবাদমাধ্যমৰ আগত মাচুমাই কয় যে বোৰ্খা পিন্ধি থকাৰ বাবেই তালিবানে তেওঁক চিনি নাপালে।

ইপিনে মাচুমাক বিচাৰি তালিবানৰ এটা বৃহৎ দলে মাচুমাৰ ঘৰলৈ যোৱা বুলিও তেওঁ প্ৰকাশ কৰে।

অৱশ্যে পলায়ন কৰাৰ বাবেই তেওঁৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

উল্লেখ্য বিগত ২০ বছৰত আফগানিস্তানত ২৭০ গৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিয়া হৈছে।

মহিলা ন্যায়াধীশকসকলে ইমান দিনে কোনো অসুবিধা পোৱা নাছিল যদিও তালিবানে দেশ খন দখল কৰি লোৱাৰ পিছতে মহিলা ন্যায়াধীশকসকলৰ জীৱনলৈ আহি পৰিছে চৰম ভাবুকি।

Related News