সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত ভাওনা সমাৰোহ : মহিলাৰ ভাওনাই মুহিলে দৰ্শকক

Barpeta Bhaona mahatsov.photo

বৰপেটাত অনুষ্ঠিত ভাওনা সমাৰোহত প্ৰদৰ্শিত ভাওনাৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া নাটকৰ অধিক প্ৰসাৰ- প্ৰচাৰ আৰু প্ৰাণৱন্ত ৰূপত বৰ্তাই ৰখাৰ উদ্দেশ্যেৰে বৰপেটাত শুকুৰবাৰৰে পৰা আৰম্ভ হোৱা চতুৰ্থ সংখ্যক ভাওনা সমাৰোহৰ দ্বিতীয় দিনা শনিবাৰে মহিলাই প্ৰদৰ্শন কৰা ভাওনাই দৰ্শকক মুগ্ধ কৰে ৷

সত্ৰনগৰী বৰপেটাৰ নহাটীস্থিত বাছ আস্থানৰ মথুৰাপুৰী ৰংগক্ষেত্ৰত ভাওনা সমিতি, বৰপেটাৰ উদ্যোগত অনুষ্ঠিত এই ভাওনা সমাৰোহৰ দ্বিতীয় দিনা শনিবাৰে সন্ধিয়া প্ৰথমখন ভাওনা প্ৰদৰ্শন কৰে ৷ প্ৰথমখন ভাওনা থুল দক্ষিণহাটী বৰপেটাৰ শিশু শিল্পীসকলে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “কালীয় দমন” প্ৰদৰ্শন কৰে ৷

শিশু শিল্পীসকলৰ অভিনয়ে আপ্লুত কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা, ডেকা সত্ৰীয়া নৱজিৎ দাসৰ লগতে অজস্ৰ ৰাইজক ৷

আনহাতে, আনখন অংকীয়া ভাওনা গোলাঘাটৰ মণিকাঞ্চন কলা নিকেতনৰ মহিলা শিল্পীসকলে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত মহিলা ভাওনা “পাৰিজাত হৰণ” প্ৰদৰ্শন কৰে ৷ এই ভাওনা সমাৰোহত অজস্ৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

উল্লেখযোগ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত এই ভাওনা সমাৰোহৰ আজি সামৰণি পৰিব ৷