সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক
বেংকত ধন ৰখাটো আটাইতকৈ নিৰাপদ। বেছিভাগ মানুহেই তেনেকৈয়ে ভাবে। কিন্তু, সৰিয়হৰ ডুলিতে ভূত থাকে?
ৰাজস্থানৰ কোটাত থকা ব্যক্তিগত বেংকৰ এগৰাকী মহিলা শীৰ্ষ বিষয়াই বেংকটোৰ প্ৰতি মানুহৰ চৰম আস্থা-বিশ্বাসক ব্যৱহাৰ কৰি গ্ৰাহকক চাৰি কোটিৰো অধিক টকা প্ৰতাৰণা কৰিছে।
মহিলাগৰাকীয়ে লোভত শ্বেয়াৰত বিনিয়োগ কৰি কম সময়ৰ ভিতৰতে উচ্চ ৰিটাৰ্ণ পোৱাৰ সপোন দেখিছিল। অভিযুক্তই ৪১ জনতকৈ অধিক গ্ৰাহকৰ একাউণ্টৰ ধন ব্যৱহাৰ কৰিছিল। দুবছৰ ধৰি এই প্ৰৱঞ্চনা চলি থাকিল যদিও বেংকৰ কোনেও এই বিষয়ে কোনো ধাৰণা কৰিব পৰা নাছিল।
আইচিআইচিআই বেংকৰ ৰিলেচনশ্বিপ মেনেজাৰ সাক্ষী গুপ্তাই ‘ইউজাৰ এফডি (ফিক্সড ডিপ’জিট)’ লিংকৰ অপব্যৱহাৰ কৰে। ২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৪১ জন গ্ৰাহকৰ ১১০ টা একাউণ্টৰ পৰা ৪.৫৮ কোটি টকা অবৈধভাৱে উলিয়াই নিয়ে।
তদন্ত অনুসৰি সাক্ষী গুপ্তাই শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিছিল। কিন্তু বজাৰৰ লোকচানৰ পিছত তেওঁ সেই একাউণ্টবোৰত আৰু ধন জমা কৰাত ব্যৰ্থ হ’ল। অভিযুক্ত সাক্ষীক এতিয়া গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বুধবাৰে নিশা ভগ্নীৰ বিয়াথলীৰ পৰা সাক্ষীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
এই জালিয়াতিৰ কথা পোহৰলৈ আহে যেতিয়া এজন গ্ৰাহকে তেওঁৰ এফ ডিৰ বিষয়ে সোধা-পোছা কৰিবলৈ বেংকলৈ গৈছিল। ইয়াৰ পিছতে ১৮ ফেব্ৰুৱাৰীত বেংকটোৱে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে।
বেংকৰ মহিলা বিষয়াগৰাকীয়ে গ্ৰাহকসকলৰ একাউণ্টৰ সৈতে লিংক কৰা মোবাইল নম্বৰসমূহো সলনি কৰিছিল যাতে তেওঁলোকে লেনদেনৰ বাৰ্তাসমূহৰ বিষয়ে জানিব নোৱাৰে।
তদন্তকাৰী বিষয়া ইব্ৰাহিম খানে কয় যে, “তেওঁ পৰিয়ালৰ সদস্যসকলৰ ফোন নম্বৰ এই একাউণ্টসমূহৰ সৈতে লিংক কৰি ৪ কোটিৰো অধিক টকা উলিয়াইছিল। আনকি তেওঁ এনে এটা চিষ্টেম সৃষ্টি কৰিছিল যাৰ জৰিয়তে তেওঁ নিজৰ চিষ্টেমত অ’টিপি লাভ কৰিব পাৰে যাতে একাউণ্টধাৰীয়ে এই জালিয়াতিৰ কোনো শুংসূত্ৰ নাপায়।”
এই সন্দৰ্ভত এতিয়াও আইচিআইচিআই বেংকে কোনো বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে ক্ষতিগ্ৰস্ত গ্ৰাহকক ক্ষতিপূৰণ দিব বুলি বেংকৰ সূত্ৰই প্ৰকাশ কৰিছে।
সাক্ষী গুপ্তাৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছত এজন গ্ৰাহকে বেংকলৈ আহি তেওঁৰ ধন নিৰাপদ হয় নে নহয় পৰীক্ষা কৰে। মহাবীৰ প্ৰসাদে কয়, “শুনিছো যে সাক্ষী গুপ্তাই গ্ৰাহকৰ ৪ কোটি টকা প্ৰতাৰণা কৰিছে। মই ইয়ালৈ আহিছো মোৰ টকা নিৰাপদ নেকি চাবলৈ।” মহাবীৰে প্ৰশ্ন কৰে, “আমি আমাৰ টকা ক’ত ৰখা উচিত? আমি ঘৰতো ৰাখিব নোৱাৰো, এতিয়া বেংকতো একেই অৱস্থা। আমি কি কৰিম?”