ঘৰৰ অমতত বিয়া হোৱাৰ বাবেই ভগ্নীক হত্যা কৰিলে ভাতৃয়ে। এই ঘটনা সংঘটিত হৈছে তেলেংগানাত।
পৰিয়ালৰ অমতত বিবাহপাশত আবদ্ধ হোৱাৰ বাবে এগৰাকী মহিলা কনিষ্টবলক শীতল মগজুৰে হত্যা কৰিলে ভাতৃয়ে।
সোমবাৰে পুৱা সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি নাগামণি নামৰ মহিলা কনিষ্টবলগৰাকীৰ অলপতে বিবাহ বিচ্ছেদ হয়। তাৰপিছত এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হয় নাগামণি। কিন্তু এই বিয়াখন ঘৰৰ মানুহে সমৰ্থন কৰা নাছিল। নাগামণিৰ এই সিদ্ধান্তত ভাতৃ ক্ষুব্ধ হৈ তেওঁক হত্যা কৰে।
আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নাগামণি বাইকেৰে কামলৈ যোৱাৰ সময়ত তেওঁৰ ভাতৃয়ে তেওঁক খেদি খেদি হত্যা কৰে।