অমানুষিক! কোভিড আক্ৰান্ত মহিলাক ধৰ্ষণ; ২৪ঘন্টাৰ ভিতৰতে মৃত্যু

Rape & Murder-representative-image

প্ৰতিনিধিত্বমূলক ফটো।

কোভিডত আক্ৰান্ত হোৱাৰ পাছত মহিলাগৰাকী হাস্পাতালত ভৰ্তি হৈছিল। তেনে অৱস্থাতেই হাস্পাতলখনৰ এজন কৰ্মীয়ে তেওঁক ধৰ্ষণ কৰে। ইয়াৰ পাছতে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ২৪ ঘন্টাৰ ভিতৰতে মৃত্যুমুখত পৰে।

আৰক্ষীয়ে হাস্পাতলখনত পুৰুষ নাৰ্ছ হিচাপে কাম কৰা অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। এই অমানুষিক জঘন্য ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ভূপালত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা ৬ এপ্ৰিলত ৪৩বছৰীয়া এগৰাকী মহিলা ভূপাল মেম’ৰিয়েল হাস্পাতলত ভৰ্তি হৈছিল। তাতেই অভিযুক্ত হাস্পাতালৰ কৰ্মীজনে তেওঁক ধৰ্ষণ কৰে।

মহিলাগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত তেওঁক ভেন্টিলেশ্যনত ৰখা হয়। কিন্তু ২৪ ঘন্টা পাৰ নৌহওতেই মহিলাগৰাকীৰ মৃত্যু হয়।

ইপিনে, মৃত্যুৰ পূৰ্বে এগৰাকী চিকিৎসকৰ আগত ভাষ্য দাঙি ধৰি অভিযুক্তক চিনাক্ত কৰি যায় ঘটনাৰ বলি মহিলাগৰাকীয়ে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৪০ বছৰীয়া সন্তোষ আহিৰ’ৱাৰক গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁক ভূপালৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে। শীঘ্ৰেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

প্ৰায় এমাহ ধৰি এই ঘটনা কিয় গোপনে ৰখা হৈছিল সেই বিষয়ে আৰক্ষীয়ে জানিবলৈ দি কয় যে সেই ঘটনাৰ বলি মহিলাগৰাকীয়ে তেওঁৰ নাম যাতে প্ৰকাশ নহয় আৰু ঘটনাটোৰ কথাও যাতে তেতিয়াই প্ৰকাশ নাপায় তাৰ বাবে অনুৰোধ জনাইছিল। সেয়ে ইমানদিন ঘটনাৰ কথা গোপনে ৰখা হৈছিল আৰু একমাত্ৰ তদন্তকাৰী দলেহে এই বিষয়ে জানিছিল।

বাতৰি অনুসৰি, উক্ত মহিলাগৰাকী ১৯৮৪চনত ভয়াবহ ভূপাল গেছ দুৰ্ঘটনাৰ বলি হৈছিল যদিও অৱশেষত সুস্থ হৈ উঠিছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ বিধান যে এইবাৰ অতিমাৰীৰ সময়ত এক অমানুষিক কাণ্ডৰ বলি হ’ব লগা হ’ল।

আনহাতে, অভিযুক্ত সন্তোষৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এগৰাকী ২৪বছৰীয়া নাৰ্ছৰ শ্লীলতাহানিৰ অভিযোগ উঠিছিল বুলি জানিব পৰা গৈছে। কামৰ সময়ত মদ্যপান কৰাৰ অভিযোগ তেওঁক বৰ্খাস্তও কৰা হৈছিল। কিন্তু এনে এজন লোকক কিয় হাস্পাতলখনত চাকৰিত ৰখা হৈছিল তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।