NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত বন বিভাগে পিঞ্জৰাৱদ্ধ কৰিলে এটা মাইকী নাহৰফুটুকী

September 13, 2020 8:30 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ডিব্ৰুগড়ৰ ছেপন চাহ বাগিছাৰ আশে পাশে বিগত দহদিন ধৰি বিচৰণ কৰি থকা এটা মাইকী নাহৰফুটুকী বাঘ অৱশেষত উদ্ধাৰ কৰা হয়।

অঞ্চলটোত বাঘজনীৰ উপস্থিতি সম্পৰ্কে স্থানীয় লোকে জানিবলৈ দিয়াৰ পাছত বন বিভাগে নাহৰফুটুকীটক ধৰিবলৈ এটা পিঞ্জৰা ৰাখে।

নাহৰফুটুকীজনী পিঞ্জৰাৱদ্ধ কৰাৰ পাছত বন বিভাগে এক ক্লিনিকেল চেক-আপৰ পাছত বনাঞ্চলত মুকলি কৰি দিয়ে।

বিগত কেইমাহ ধৰি  ডিব্ৰুগড়ৰ চাহ বাগিছাৰ অঞ্চলসমূহত নাহৰফুটুকীৰ বিচৰণ প্ৰত্যক্ষ কৰা হৈছিল।

স্থানীয় লোক তথা বিষয়াসকলে কয় যে বনাঞ্চলত খাদ্য আৰু পানীৰ অভাৱৰ বাবে নাহৰফুটুকীয়ে এইদৰে মানুহৰ বসতি অঞ্চললৈ প্ৰায়ে ওলাই আহে।

Related News