ড্ৰাগছ সৰবৰাহত জড়িত শিক্ষয়ত্ৰী আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ

9-2-1140x570

আৰক্ষীয়ে জব্দ কৰা সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ কনটেইনাৰ চাৰিটা। ফটো : নৰ্থইষ্ট নাও

ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীয়ে এগৰাকী শিক্ষয়ত্ৰীৰ লগতে তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত দুগৰাকীক মঙলদৈ চহৰৰ বাঘপৰী অঞ্চলৰ বাসিন্দা জিবেশ ডেকা আৰু তেওঁৰ পত্নী বুলি চিনাক্ত কৰা হৈছে।

‘নৰ্থইষ্ট নাও’ৰ আগত মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই কয় যে তেওঁলোকে ডেকাৰ ঘৰত ড্ৰাগছ মজুত থকা বুলি পোৱা এক তথ্য লাভ কৰা পাছত ঘৰটোত তালাচী চলায়।

অভিযানটোৰ নেতৃত্ব দিছিল দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱাই

আৰক্ষীয়ে ডেকাৰ জিম্মাৰ পৰা চাৰিটা সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ কনটেইনাৰ উদ্ধাৰ কৰে।

তেওঁৰ পত্নী বন্দিয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়ত্ৰী।

এখন স্থানীয় আদালতে অভিযুক্ত শিক্ষয়ত্ৰীগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু অধিক জেৰাৰ বাবে তেওঁৰ স্বামীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

মঙলদৈ আৰক্ষী থানাত নাইক্ৰ’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰ’পিক ছাবষ্টেন্স (এন ডি পি এছ) এক্ট,১৯৮৫’ৰ ধাৰা ২২-এৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

শুকুৰবাৰে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনি পৰীক্ষা কৰাৰ বাবে ফৰেইনছিক লেব’ৰেটৰীলৈ প্ৰেৰণ কৰে।

প্ৰতিটো কনটেইনাৰৰ বজাৰ মূল্য আনুমানিক ১৪০০ টকা হ’ব আৰক্ষীয়ে জানিবলৈ দিয়ে।