NORTHEAST NOW (Assamese)

আজিৰে পৰা ঢকুৱাখনাত আৰম্ভ মিচিংসকলৰ কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ

February 18, 2020 4:12 pm · ফাৰহানা আহমেদ
Updated: February 18, 2020 4:20 pm
শিবিৰ উন্মোচন কৰি থকা অৱস্থাত মন্ত্ৰী নৱ কুমাৰ দলে, ফ'টো- ফৰহানা আহমেদ

আজিৰে পৰা ঢকুৱাখনাৰ ঘূণাহুতি জংকী-পানৈৰ পথাৰত আৰম্ভ হৈছে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ।

উল্লেখ্য যে ফাগুণ মাহৰ প্ৰথমটোৰ বুধবাৰৰ পৰা আৰম্ভ হয় এই লোক উৎসৱ। কিন্তু দুদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাত মিচিংসকলে উদযাপন কৰিছে আলি আঃয়ে লৃগাং লোক উৎসৱ।

এই উৎসৱৰ উপলক্ষ্যে লিখমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ঘূণাহুতিৰ জংকি-পানৈৰ পথাৰত ব্যাপক জন সমাগম হোৱা দেখা গৈছে মিচিং জনগোষ্ঠীৰ লোকসকলক।

উল্লেখ্য যে এই ঘূণাহুতিয়ে হৈছে অসমীয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ বিখ্যাত উপন্যাস মিৰি জীয়ৰীৰ খ্যাত ঘূণাহুতি। সেয়ে এই পথাৰখনৰ নামো দিয়া হৈছে উপন্যাসখনৰ অসমৰ প্ৰেম কাহিনীৰ দুই চৰিত্ৰ জংকী আৰু পানৈৰ নামেৰে।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু লখিমপুৰ জিলা প্ৰশসনৰ উদ্যোগত আৰু বৃহত্তৰ ঘূণাহুতি ৰাইজৰ সহযোগত জংকী পানৈৰ পথাৰ তথা শিক্ষাবিদ প্ৰয়াত ড০ টাবুৰাম টাইড ক্ষেত্ৰত এই আলি আঃয়ে লৃগাঙ লোক উৎসৱ আৰম্ভ হৈছে।

উদযাপন সমিতিৰ সভাপতি ড০ ডম্বৰুধৰ মিলিয়ে পতাকা উত্তোলনেৰে আৰম্ভ কৰা লোক উৎসৱত কাৰ্যকৰী সভাপতি পুনেশ্বৰ টাইডে স্মৃতি তৰ্পণ কৰাৰ লগতে মুখ্য উপদেষ্টা নিত্যানন্দ মিলিয়ে বৃক্ষৰোপণ কৰে।

ইয়াৰ পিছতে ঐনিতম, গুমৰাগ, লুত্তা চ’ আদি লোক গীত-নৃত্যৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ’য়।

অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই উৎসৱৰ জংকী-পানৈৰ শিবিৰ উন্মোচন কৰে।

কাইলৈ আঃয়ে লৃগাঙৰ লোক উৎসৱৰ মুকিল সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকিব বুইল উদযাপন সমিতিয়ে জানিবলৈ দিছে।

Related News