‘ৰজা’ আহিব বাবেই প্ৰজাৰ হাৰাশাস্তি; গুৱাহাটীৰ ৰাজপথত আজিও তাকৰ চিটীবাছ

ধোঁৱাচাঙত মুখ্যমন্ত্ৰীৰ হুংকাৰ, প্ৰজাৰ এনে হাৰাশাস্তি কেনেধৰণৰ গণতন্ত্ৰৰ লক্ষণ?

‘ৰজা’ আহিব গতিকে প্ৰজাৰ দুদিনৰ বাবে হাৰাশাস্তি।

গুৱাহাটীত হঠাৎ হৰলুকি প্ৰায় ৫০০ চিটীবাছ। দুদিনৰ বাবে গুৱাহাটীত চিটিবাছ বিচাৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে।কিয়নো কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব।

কিন্তু তাৰ লগত কি সম্পৰ্ক গুৱাহাটীৰ ৰাজপথৰ পৰা হৰলুকি হোৱা চিটীবাছৰ?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভালৈ বিভিন্ন স্থানৰ পৰা মানুহ কঢ়িয়াই নিবৰ বাবে ব্যৱহাৰ কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীবাহী বাছ আৰু ট্ৰেভেলাৰসমূহ। যাৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে বাছ-ট্ৰেভেলাৰৰ জৰিয়তে ভ্ৰমণ কৰা সাধাৰণ যাত্ৰীসকল।

এইখিনিতে কিছুদিন পূৰ্বলৈ উভতাই নিব বিচাৰিছো পাঠক ৰাইজক।

স্থান আছিল নগাঁৱৰ উৰিয়াগাঁও। মুখ্যমন্ত্ৰী আহিব বুলিয়েই এটা দিশেৰে গাড়ী অহা যোৱা কৰাত সাধাৰণ যাত্ৰীৰ হাৰাশাস্তি হোৱাৰ বাবে জিলা উপায়ুক্ত নিসৰ্গ হিবৰেৰ ওপৰত খং উঠিছিল মুখ্যমন্ত্ৰীৰ।

ৰাজহুৱা স্থানত জিলা উপায়ুক্তক দু-ব্যৱহাৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে! আনকি কোনোবা ৰজা-মহাৰজা আহিছে নেকি বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল।

ৰাইজৰ হাৰাশাস্তি হোৱা বুলি কৈ মুখৰে কাৰোবাক গালি দিয়াটো সহজ। কিন্তু কাৰ্য্যত: বুধবাৰ আৰু বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো সাধাৰণ জনতা কিমান হাৰাশাস্তিৰ সন্মুখীন হৈছে সেয়া মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছে নে?

যদিহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ অন্য উচ্চস্তৰীয় নেতৃত্বৰ এই কথা দৃষ্টিগোচৰ হোৱা নাই তেন্তে ভিডিঅ’ৰ জৰিয়তে শুনক জনতাই চৰকাৰৰ বিৰুদ্ধে কিদৰে ক্ষোভ উজাৰিলে।

চিটিবাছৰ অভাৱত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, কাৰ্য্যালয়ৰ চিটীবাছত অহা-যোৱা কৰা কৰ্মচাৰী বা অন্যান্য যাত্ৰীসকল সময়মতে গন্তব্যস্থানত উপস্থিত হ’ব নোৱাৰিলে।

গুৱাহাটীৰ ৰাজপথত দুই এখন চিটিবাছ চলাচল কৰি আছে যদিও সেই কেইখনতো নিৰ্দ্ধাৰিত আসনত বহি অহাৰ উপৰিও পান জপা দি যাত্ৰী কঢ়িয়াই নিয়া দেখিবলৈ পোৱা গ’ল।

অন্যহাতে, চিটি বাছৰ অভাৱত সুযোগ গ্ৰহণ কৰিলে অট’চালকসকলে। ৫০
টকাৰ ঠাইত ১০০ ৰ পৰা ১৫০ টকালৈ ভাড়া যাত্ৰীৰ পৰা দাবী কৰিলে অট’ৱালাই।

ইপিনে; ছ’চিয়েল মেডিয়াতো জনতাৰ হাৰাশাস্তিক কেন্দ্ৰ কৰি তীব্ৰ চৰ্চা চলা দেখিবলৈ পোৱা গ’ল।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৰজা-মহাৰজা আহিছে নেকি সেই বিখ্যাত ডাইলগৰে চৰকাৰক উপলুঙা কৰা দেখিবলৈ পোৱা গৈছে।

প্ৰশ্ন হৈছে, ৰজা আহিব বুলিয়েই প্ৰজাৰ এনে হাৰাশাস্তি কেনেধৰণৰ গণতন্ত্ৰৰ লক্ষণ?