NORTHEAST NOW (Assamese)

এই বছৰৰ এফআইচিচিআইৰ সৰ্বভাৰতীয় বিশ্ববিদ্যালয় বঁটা অসম ডন বস্কো বিশ্ববিদ্যালয়লৈ

October 31, 2018 6:00 pm · এন ই নাও নিউজ

ফেডৰেশ্যন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে ((FICCI)) অসম ডন বস্কো বিশ্ববিদ্যালয়লৈ বছৰটোৰ সৰ্বভাৰতীয় বিশ্ববিদ্যালয় বঁটা (All India University of The Year Award ) আগবঢ়াইছে। বিশ্ববিদ্যালয়খনে সংস্থাটোৰ পৰা ২০১৮ বৰ্ষৰ বাবে বিশ্ববিদ্যালয় সামাজিক প্ৰতিশ্ৰুতি বঁটাও (University Social Commitment Award) লাভ কৰিছে।

অসমৰ এখন সন্মানীয় বিশ্ববিদ্যালয়, ডন বস্কো বিশ্ববিদ্যলয় হৈছে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০০৮ চনৰ ২৯ মাৰ্চত ডন বস্কোৰ ছালেছিয়ান নামৰ ধৰ্মীয় অনুষ্ঠান এটাই প্ৰতিষ্ঠা কৰিছিল।আজাৰাস্থিত ডন বস্কো ছচাইটীয়ে এই বিশ্ববিদ্যালয়খন পৰিচালনা কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰাৰ বাবে ডন বস্কো বিশ্ববিদ্যলয় স্থাপন কৰা হৈছিল। এই বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC)  স্বীকৃতিপ্ৰাপ্ত আৰু নাকৰ (NAAC) দ্বাৰা মূল্যায়িত।

বিশ্ববিদ্যালয়খনে বিভিন্ন বিভাগত স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণা পাঠ্যক্ৰম আগবঢ়ায়। বুজাবুজিৰ চুক্তিৰে বিশ্ববিদ্যালয়খনে ভাৰত আৰু ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যলয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে শৈক্ষিক সহযোগিতা সম্পাদন কৰিছে।

Related News