কৃষকসকলক কৃষি কাৰ্যৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে মৰিগাঁৱত ‘পথাৰ দিৱস’

ফটো : নৰ্থ-ইষ্ট নাও

মৰিগাঁৱত ‘পথাৰ দিৱস’। কৃষি আৰু কৃষকসকলক কৃষি কাৰ্যৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তথা কৃষকসকলৰ সহযোগত অলপতে জিলাখনৰ বানে জুৰুলা কৰা জুৰগাঁৱত এই দিৱস পালন কৰা হয়।

জিলা কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা ‘চাৱ ওৱান-১ ধানৰ বীজ ব্যৱহাৰ কৰি ফলপ্ৰসু উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছিল স্থানীয় খেতিয়কসকল। ধান উৎপাদনত বিঘাই প্ৰতি২৩/২৪ মোন ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে।

কৃষকৰ উৎপাদিত শস্য চপোৱা অৰ্থাত ধান কটা দৃশ্যও চৰজমিন পৰিদৰ্শন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া বৰ্গৰ লগতে জিলা জনসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা দিলীপ বৰুৱা, এ পি ডিচি এলৰ জিলা মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰদলৈ, জিলা কৃষি বিষয়া মধু ৰাম পাটিৰকৰে।

ধান কটা অনুষ্ঠানটোৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কাৰ্যসূচীৰ পিছতে এই দিৱসৰ সামৰণি পৰে।

কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা বীজ ব্যৱহাৰ কৰি কিদৰে খেতিয়কসকল অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব পাৰি সেই বিষয়ে অঞ্চলটোৰ শিক্ষিত তথা আদৰ্শ খেতিয়ক দেৱজিৎ বৰদলৈয়ে নৰ্থ-ইষ্ট নাওৰ আগত উল্লেখ কৰি কয় যে কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা বীজ ব্যৱহাৰ কৰি তেওঁ এইবাৰ প্ৰায় পোন্ধৰ বিঘা মাটিৰ পৰা আশা সুলভ উৎপাদন লাভ কৰিছে।

ইয়াৰ উপৰি অঞ্চলটোৰ গৰিষ্ঠসংখ্যক কৃষকেও এই বীজৰ খেতি কৰি লাভান্বিত হৈছে। য’ত পূৰ্ৱে তেওঁলোকে বিঘাই প্ৰতি ১৬/১৭ মোনকৈহে ধান উৎপাদন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ বাবে সাৰ,বীজ বিজ্ঞান কেন্দ্ৰই বিনামূলীয়াকৈ যোগান ধৰিছে যদিও খেতিয়কসকলে সন্মুখীন হৈ অহা সমস্যা সমূহ চৰকাৰে সমাধান কৰিলে নিশ্চিত ৰূপত বানপীড়িত জিলাখন কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ নৱপ্ৰজন্ম সকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উপৰি কৃষি অৰ্থনীতিৰ দিশত আৰু এখোজ ৰাজ্যখনে আগৱাই যাবলৈ সক্ষম হ’ব বুলিও খেতিয়ক বৰদলৈয়ে আশা প্ৰকাশ কৰিছে।

কৃষি বিজ্ঞান কেন্দ্ৰৰ উক্ত অনুষ্ঠানত সমাজসেৱক অজিত ডেকা, খগেন চন্দ্ৰ বৰদলৈ, কৃষি বিজ্ঞানী সঞ্জু বৰগোঁহাই, সপ্তদিপা ভট্টাচাৰ্য আৰু পিংকি পাঠকৰ লগতে অঞ্চলটোৰ খেতিয়ক ৰাইজ উপস্থিত আছিল।