ভয়ংকৰ! নিজকে দেশপ্ৰেমী বুলি জাহিৰ কৰা RSS নেতাৰ ঘৰত উদ্ধাৰ ৭৭০ কি:গ্ৰা বিস্ফোৰক সামগ্ৰী!

লোক সভা নিৰ্বাচনৰ পূৰ্বে কেৰালাৰ স্থানীয় আৰ এছ এছ নেতাৰ ঘৰৰ পৰা  জব্দ কৰা হৈছে ৭৭০ কিলোগ্ৰামতকৈ অধিক বিস্ফোৰক সামগ্ৰী।

শেহতীয়াকৈ কেৰালা আৰক্ষীয়ে কান্নুৰ জিলাৰ পয়িলুৰত স্থানীয় আৰ এছ এছৰ এজন নেতা আৰু তেওঁৰ আত্মীয়ৰ বাসগৃহৰ পৰা ৭৭০ কেজি বিস্ফোৰক সামগ্ৰীৰ যথেষ্ট পৰিমাণৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে। 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSS ৰ স্থানীয় নেতা বদকায়ল প্ৰমোদ আৰু তেওঁৰ আত্মীয় বাদকায়ল শান্তৰ ঘৰত উদ্ধাৰ কৰে এইসমূহ বিস্ফোৰক সামগ্ৰী। বৰ্তমান পলাতক অৱস্থাত আছে প্ৰমোদ। 

কোলাভাল্লুৰি আৰক্ষীয়ে জনোৱা মতে, ‘কোলাভাল্লুৰ আৰক্ষী পৰিদৰ্শক সুমিত কুমাৰ আৰু উপ-পৰিদৰ্শক ছবিনৰ নেতৃত্বত চলা এই অভিযান গোপনীয় তথ্যৰ ভিত্তিত আৰম্ভ কৰা হৈছিল, যাৰ ফলত উল্লেখযোগ্য বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে। কুলাভাল্লোৰি আৰক্ষীয়ে জনায় যে প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে বিস্ফোৰকসমূহ অবৈধ বিতৰণৰ উদ্দেশ্যে আছিল আৰু সেই ফলস্বৰূপে  আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

 বৰ্তমান এই কাণ্ডৰ সৈতে জড়িত দুটা গোচৰ পঞ্জীয়ন কৰিছে। এই উদ্বেগজনক পৰিস্থিতিৰ মাজতে অঞ্চলটোৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা বৃদ্ধি কৰিছে আৰক্ষীয়ে।বিশেষকৈ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এনে যথেষ্ট পৰিমাণৰ বিস্ফোৰক জব্দই এতিয়া স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।  

বিগত বছৰ কান্নুৰৰ এৰঞ্জোলিপালামৰ সমীপত বোমা নিৰ্মাণৰ সময়ত বিস্ফোৰণ ঘটি আৰ এছ এছৰ সৈতে জড়িত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাত RSS ৰ বিষ্ণু নামৰ এজন লোকৰ হাতৰ তলুৱা ছিন্নভিন্ন হৈ সিঁচৰতি হৈ পৰিছিল। বিষ্ণুৰ ঘৰৰ সমীপৰ এখন পথাৰত বিস্ফোৰণ সংঘটিত হয় বিষ্ণু বোমা নিৰ্মাণৰ প্ৰক্ৰিয়াত থকা অৱস্থাত। অৱশ্যে বর্ত ভাৰতীৰ সৈতে ফোন কলৰ জৰিয়তে হোৱা কথা-বতৰাত কোলাৱল্লুৰৰ এছ এইচ অ’ই কয় যে উদ্ধাৰৰ খবৰ সঁচা হ’লেও তেওঁ লগতে কয় যে উগাদী উৎসৱৰ সময়ত বিস্ফোৰকসমূহ ফটকাৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল৷

তেওঁ লগতে কয় যে প্ৰমোদক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰমোদ আৰ এছ এছৰ সৈতে জড়িত আৰু তেওঁলোকৰ অন্যতম স্থানীয় নেতা বুলিও নিশ্চিত কৰে এছ এইচ অ’ই।