NORTHEAST NOW (Assamese)

ভয়ংকৰ! তিনি বছৰত বিজেপিশাসিত মধ্য প্ৰদেশত নিৰুদ্দিষ্ট ৩১ হাজাৰৰো অধিক মহিলা আৰু কিশোৰী

July 3, 2024 12:57 pm · এন ই নাও নিউজ

প্ৰতিদিনে এখন ৰাজ্যত গড়ে ২৮ গৰাকী মহিলা আৰু তিনিগৰাকী কিশোৰী নিৰুদ্দেশ হয়!  ‘বেটি বচাও, বেটি পঢ়াও’ বা ‘লাদলী বেহেনাৰ’ৰ দৰে প্রকল্পৰ আড়ম্বৰ যদি মুদ্ৰাৰ এটা কাষ হয়, তেন্তে আনফালে এই অংকবোৰে এক ভয়ংকৰ ছবি দেখুৱাইছে!

হিন্দী বলয়ৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম মধ্যপ্ৰদেশত বিগত তিনি বছৰত ৩১ হাজাৰ মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছে। কিন্তু এই তিনি বছৰত মাত্ৰ ৭২৪টা গোচৰহে ৰুজু হৈছে। এই পৰিসংখ্যা মধ্যপ্ৰদেশ বিধানসভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে।

২০০৩ চনৰ পৰা মধ্যপ্ৰদেশত চলি আছে বিজেপি চৰকাৰ। একেৰাহে ২১ বছৰ। বিগত বিধানসভা নিৰ্বাচনতো তাত বিজেপিয়ে জয়লাভ কৰিছিল। মধ্যপ্ৰদেশ বিধানসভাত কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন গৃহমন্ত্ৰী বালা বচ্চনে জানিব বিচাৰিছিল কিমান মহিলা নিৰুদ্দেশ হৈছে। এই পৰিসংখ্যাৰ প্ৰতি সঁহাৰি জনাই মধ্যপ্ৰদেশ চৰকাৰে বিধানসভাক অৱগত কৰে।

২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই ৩১ হাজাৰ মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছিল। ইয়াৰে কেৱল উজ্জয়িনত যোৱা ৩৪ মাহত নিৰুদ্দেশ হৈছে ৬৭৬ গৰাকী মহিলা। কিন্তু সেই সন্দৰ্ভত এটাও গোচৰ ৰুজু হোৱা নাই।

ইন্দোৰ চহৰতো এমাহত সন্ধানহীন হৈছে ৪৭৯ গৰাকী মহিলা। কিন্তু ১৫টা গোচৰহে দাখিল কৰা হৈছে। সাগৰ জিলাত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ২৩৮৪ জন। কিন্তু মাত্ৰ ২৪৫টা গোচৰহে দাখিল কৰা হৈছে।

শিৱৰাজ সিং চৌহান চাৰিবাৰৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লাভলী লাডলী যোজনা, লাভলী বেহেনা যোজনা আদি আঁচনি আৰম্ভ কৰি মহিলাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰে। কংগ্ৰেছ নেতা জিতু পাটোৱাৰীৰ মতে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰ কিমান সংবেদনহীন এই ঘটনাই প্ৰমাণ কৰিছে। কিন্তু এই বিজেপিয়ে সমগ্ৰ দেশতে নাৰী সুৰক্ষাৰ নামত বক্তৃতা দি আছে!

Related News