ক্ৰীড়াতো পৰিল যুদ্ধৰ প্ৰভাৱ! ফিফা-উৱেফাই নিষিদ্ধ কৰিলে ৰাছিয়াক

FIFA-UEFA ban Russia

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰু তাৰ পৰৱৰ্তী যুদ্ধৰ প্ৰভাৱ এইবাৰ বিশ্ব ফুটবলতো পৰিল। বিশ্ব ফুটবলৰ দুই শীৰ্ষ সংস্থা ফিফা (ফেডাৰেশ্যন ইন্টাৰনেশ্যনেল দ্য ফুটবল এছ’চিয়েশ্যন) আৰু উৱেফা (ইউনিয়ন অফ ইউৰোপীয়ান ফুটবল এছ’চিয়েশ্যন)ই নিষিদ্ধ কৰিলে ৰাছিয়াক।

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবেই  এই দুটা প্ৰভাৱশালী সংস্থাই বিশ্ব ফুটবলৰ পৰা ৰাছিয়াক এঘৰীয়া কৰিলে। ইয়াৰ ফলত চলিত বছৰৰ কাটাৰত অনুষ্ঠিত হ’বলগীয়া  বিশ্বকাপত খেলিব নোৱাৰিব ৰাছিয়াই। সেইদৰে ইউৰোপীয় ফুটবলতো দেখা পোৱা নাযাব ৰাছিয়াক।

সোমবাৰে ফিফা আৰু উৱেফাই এক যুটীয়া বিবৃতি যোগে তেওঁলোকৰ এই সিদ্ধান্তৰ কথা সদৰী কৰে।  

লগতে পঢ়ক: কিমান পাৰমাণৱিক অস্ত্ৰ মজুত আছে ৰাছিয়াৰ হাতত ?

বিবৃতিটোত কোৱা হৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰীয় বা ক্লাব যিকোনো দলে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ফিফা আৰু উৱেফাৰ প্ৰতিযোগিতাসমূহত নিষিদ্ধ হৈ থাকিব।

ইয়াত লগতে কোৱা হৈছে যে ‘’বিশ্ব ফুটবল ইউক্ৰেইনৰ আক্ৰান্তসকলৰ লগত আছে। সমগ্ৰ বিশ্বৰ ফুটবল জগত এইক্ষেত্ৰত ঐক্যবদ্ধ হৈ আছে। সংস্থা দুটাৰ সভাপতি দুগৰাকী ইউক্ৰেইনৰ পৰিস্থিতি দ্ৰুতভাৱে স্বাভাৱিক হ’ব বুলি আশাবাদী যাতে পুনৰ ফুটবল আৰম্ভ হয় আৰু ফুটবলৰ জৰিয়তে শান্তি-একতা ঘুৰি আহে।‘’

লগতে পঢ়ক:আঁতৰা নাই শংকা: ২২ জুনৰ পৰা কোভিডে পুনৰ সংহাৰৰ সৃষ্টি কৰিব ভাৰতত!

উল্লেখ্য যে ইয়াৰ পূৰ্বে সোমবাৰেই আন্তৰ্জাতিক অলিম্পিক সমিতি (আইঅ’চি) য়ে বিশ্বৰ সকলো ক্ৰীড়া সংস্থাক আহ্বান জনাইছিল যে ৰাছিয়া আৰু বেলাৰুচৰ খেলুৱৈ, ক্ৰীড়াৰ কৰ্মকৰ্তা তথা দলসমূহক  যিমানদূৰ সম্ভৱ যাতে নিষিদ্ধ কৰে।

এনে পৰিপ্ৰেক্ষিততেই ফিফা আৰু উৱেফাই ৰাছিয়াক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।