• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বকাপ জয়ৰ পিছত খেলুৱৈক ওঁঠত চুম্বন; স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিক ফিফাৰ নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2023 7:51 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

2.9k
VIEWS
Share on FacebookShare on Twitter

মহিলা বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈৰ ওঁঠত চুমা খাইছিল। এই ঘটনাক লৈ ক্ৰমে বিতৰ্ক বৃদ্ধি পাইছে। ফিফাই স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিক (পুৰুষ) নিলম্বন কৰিছে। তেওঁক ৯০ দিনৰ বাবে নিলম্বন কৰা হৈছে।

বিশ্বকাপৰ চূড়ান্ত বঁটা প্ৰদান অনুষ্ঠানত এগৰাকী মহিলা ফুটবলাৰক ‘জোৰ-জবৰদস্তি’ চুমা খোৱাৰ বাবে ফিফাই নিলম্বন কৰিছে লুইছ ৰুবিয়ালেছক। প্ৰথমতে তেওঁক ৯০ দিনৰ বাবে নিলম্বন কৰা হৈছে বুলি বিশ্ব ফুটবল সন্থাই প্ৰকাশ কৰিছে। ফিফাৰ অনুশাসন সমিতিয়ে তেওঁৰ বিৰুদ্ধে তদন্ত কৰিছে।

ফিফাৰ অনুশাসন সমিতিয়ে জনায় যে ফিফাৰ অনুশাসন সমিতিৰ অধ্যক্ষ জৰ্জ ইভান পালাচিঅ’ই শনিবাৰে সিদ্ধান্ত লৈছে যে লুইছ ৰুবিয়ালেছক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল সম্পৰ্কীয় সকলো কাৰ্য্যকলাপৰ পৰা সাময়িকভাৱে নিলম্বিত কৰা হৈছে।

যোৱা সপ্তাহত দেওবাৰে স্পেইনে বিশ্বকাপ জয় কৰাৰ পিছত ঘটনাটো সংঘটিত হৈছিল। বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিয়ে প’ডিয়ামত হাৰ্মোছ’ক সাৱটি ধৰি ওঁঠত চুমা খায়। সেই ঘটনাৰ বাবেই তেওঁ ছচিয়েল মিডিয়াত যথেষ্ট ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।

প্ৰথম অৱস্থাত হাৰ্মোছ’ই এই কাণ্ডৰ বিষয়ে কৈছিল, ‘মই সেইটো ভাল নাপালোঁ। মোৰ এনে লাগিল যেন মোক আক্ৰমণ কৰা হৈছে। মোক একেবাৰেই সন্মান প্ৰদৰ্শন কৰা হোৱা নাছিল।‘

স্পেইনৰ তাৰকা মিডফিল্ডাৰ হাৰ্মোছ’য়ে কয়, ‘মই কোৱা কথাবোৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰাটো মই কেতিয়াও সহ্য নকৰো। আৰু মই নোকোৱা কথাবোৰ সাজি ৰটনা কৰাটো কোনোমতে মই সহ্য নকৰো।‘

স্পেইনৰ বিশ্বকাপ বিজয়ী তাৰকা তথা বাৰ্চিলোনাৰ মেনেজাৰ জাভি হাৰ্নাণ্ডেজে কয় যে জেনিফাৰ হাৰ্মোছ’ আৰু খেলুৱৈসকলৰ প্ৰতি নিঃচৰ্ত সমৰ্থন জনাইছো। স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিৰ এই আচৰণক তীব্ৰ নিন্দা কৰিছো। মই অত্যন্ত দুখিত যে ঐতিহাসিক বিশ্বকাপ জয়ৰ পৰিৱৰ্তে এই বিষয়ে আলোচনা হৈছে।’

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd