NORTHEAST NOW (Assamese)

বিশ্বকাপ জয়ৰ পিছত খেলুৱৈক ওঁঠত চুম্বন; স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিক ফিফাৰ নিলম্বন

August 27, 2023 7:51 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

মহিলা বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈৰ ওঁঠত চুমা খাইছিল। এই ঘটনাক লৈ ক্ৰমে বিতৰ্ক বৃদ্ধি পাইছে। ফিফাই স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিক (পুৰুষ) নিলম্বন কৰিছে। তেওঁক ৯০ দিনৰ বাবে নিলম্বন কৰা হৈছে।

বিশ্বকাপৰ চূড়ান্ত বঁটা প্ৰদান অনুষ্ঠানত এগৰাকী মহিলা ফুটবলাৰক ‘জোৰ-জবৰদস্তি’ চুমা খোৱাৰ বাবে ফিফাই নিলম্বন কৰিছে লুইছ ৰুবিয়ালেছক। প্ৰথমতে তেওঁক ৯০ দিনৰ বাবে নিলম্বন কৰা হৈছে বুলি বিশ্ব ফুটবল সন্থাই প্ৰকাশ কৰিছে। ফিফাৰ অনুশাসন সমিতিয়ে তেওঁৰ বিৰুদ্ধে তদন্ত কৰিছে।

ফিফাৰ অনুশাসন সমিতিয়ে জনায় যে ফিফাৰ অনুশাসন সমিতিৰ অধ্যক্ষ জৰ্জ ইভান পালাচিঅ’ই শনিবাৰে সিদ্ধান্ত লৈছে যে লুইছ ৰুবিয়ালেছক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল সম্পৰ্কীয় সকলো কাৰ্য্যকলাপৰ পৰা সাময়িকভাৱে নিলম্বিত কৰা হৈছে।

যোৱা সপ্তাহত দেওবাৰে স্পেইনে বিশ্বকাপ জয় কৰাৰ পিছত ঘটনাটো সংঘটিত হৈছিল। বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিয়ে প’ডিয়ামত হাৰ্মোছ’ক সাৱটি ধৰি ওঁঠত চুমা খায়। সেই ঘটনাৰ বাবেই তেওঁ ছচিয়েল মিডিয়াত যথেষ্ট ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।

প্ৰথম অৱস্থাত হাৰ্মোছ’ই এই কাণ্ডৰ বিষয়ে কৈছিল, ‘মই সেইটো ভাল নাপালোঁ। মোৰ এনে লাগিল যেন মোক আক্ৰমণ কৰা হৈছে। মোক একেবাৰেই সন্মান প্ৰদৰ্শন কৰা হোৱা নাছিল।‘

স্পেইনৰ তাৰকা মিডফিল্ডাৰ হাৰ্মোছ’য়ে কয়, ‘মই কোৱা কথাবোৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰাটো মই কেতিয়াও সহ্য নকৰো। আৰু মই নোকোৱা কথাবোৰ সাজি ৰটনা কৰাটো কোনোমতে মই সহ্য নকৰো।‘

স্পেইনৰ বিশ্বকাপ বিজয়ী তাৰকা তথা বাৰ্চিলোনাৰ মেনেজাৰ জাভি হাৰ্নাণ্ডেজে কয় যে জেনিফাৰ হাৰ্মোছ’ আৰু খেলুৱৈসকলৰ প্ৰতি নিঃচৰ্ত সমৰ্থন জনাইছো। স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিৰ এই আচৰণক তীব্ৰ নিন্দা কৰিছো। মই অত্যন্ত দুখিত যে ঐতিহাসিক বিশ্বকাপ জয়ৰ পৰিৱৰ্তে এই বিষয়ে আলোচনা হৈছে।’

Related News