ক্ৰীড়াবিশ্বত ভাৰত-পাকিস্তানৰ মুখামুখি মানেই অনন্য ৰোমাঞ্চ। দুই দেশৰ খেলুৱৈৰ প্ৰত্যাহ্বানক লৈ কেৱল দেশ দুখনৰ জনসাধাৰণেই নহয়, উৎসুক হৈ থাকে বিশ্বৰে ক্ৰীড়াপ্ৰেমী। যদিও ক্ৰিকেটৰ ক্ষেত্ৰত এই উৎসুকতাৰ হাৰ বেছি, অন্য ক্ৰীড়াৰ ক্ষেত্ৰতো উন্মাদনা নাই বুলিব নোৱাৰি।
আগন্তুক এছিয়া কাপ আৰু বিশ্বকাপ ক্ৰিকেটত দেশ দুখনৰ মাজৰ মেচক লৈ এতিয়াৰ পৰাই দেখিবলৈ পোৱা গৈছে ক্ৰীড়াপ্ৰেমীৰ উৎসুকতা। পিছে এই মেচকেইখনৰ পূৰ্বেই কাইলৈ আন এক যুঁজত নামিব ভাৰত বনাম পাকিস্তান।
অৱশ্যে এই যুঁজ ২২ গজৰ নহয়, জেভেলিনৰ ক্ষেত্ৰখনতহে দেখিবলৈ পোৱা যাব ভাৰত-পাক প্ৰত্যাহ্বান। চলিত ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ মেগা ফাইনেলত কাইলৈ ভাৰতৰ অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলৈ সাজু হৈছে পাকিস্তানৰ আৰ্ছাদ নদীম।
কাইলৈ মূলত: এই দুই তাৰকাৰ মাজতে স্বৰ্ণ লাভৰ প্ৰতিদ্বন্দিতা হ’ব বুলি আশা কৰা হৈছে। দুই তাৰকাক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে অৱশ্যে নদীমে নীৰজ চোপ্ৰাৰ সৈতে তেওঁৰ কোনো ব্যক্তিগত প্ৰতিদ্বন্দ্বিতা নাই বুলি সোঁৱৰাই দিছে।
তেওঁ লগতে নীৰজ চোপ্ৰাৰ দৰে তাৰকাৰ পৰা শিকিবলগীয়াহে আছে বুলিও মন্তব্য কৰে। ইয়াৰ পূৰ্বেও পাক তাৰকাগৰাকীয়ে নীৰজ চোপ্ৰাৰ প্ৰশংসাৰে শুভেচ্ছা জনাই ক্ৰীড়াবিশ্বত উচ্চপ্ৰশংসা লাভ কৰিছিল।
লক্ষণীয়ভাৱে নীৰজ চোপ্ৰাই শুকুৰাবে ৮৮.৭৭ মিটাৰ জেভেলিন থ্ৰ’ৰে কাইলৈৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ বিপৰীতে দিও আৰ্ছাদে ৮৬.৫৯ মিটাৰ দূৰত্বলৈ নিক্ষেপ কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল।
ইয়াৰ পিছতে অলিম্পিক স্বৰ্ণজয়ী নীৰজক শুভেচ্ছা জনাই আৰ্ছাদে জেভেলিন জগতত ভাৰতীয় তাৰকাগৰাকীয়ে যথেষ্টে সুনাম অৰ্জন কৰিছে বুলি মন্তব্য কৰিছিল।
ইতিমধ্যে নীৰজে জেভলিনৰ জৰিয়তে সমগ্ৰ বিশ্বৰ প্ৰশংসা লাভ কৰিছে বুলি উল্লেখ কৰি আৰ্ছাদে এতিয়া তেওঁ চেম্পিয়ন হোৱাৰ পাল বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।





