উৰাজাহাজত আকৌ মাৰপিট : ভিডিঅ’ ভাইৰেল

বিমান খনৰ কোনো যাত্ৰীৰ কেমেৰাত বন্দী হোৱা এই ঘটনাৰ ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰে। ইতিমধ্যে লাখ লাখ লোকে এই ভিডিঅ’টো চোৱাৰ লগতে শ্বেয়াৰো কৰিছে বুলি নিউয়ৰ্ক পোষ্টে বাতৰি প্ৰকাশ কৰিছে

শেহতীয়াকৈ উৰাজাহাজত ঘটিবলৈ ধৰিছে বিভিন্ন ধৰণৰ অঘটন। এইবাৰ পুনৰ ভাইৰেল হৈ পৰিছে উৰাজাহাজত সংঘটিত হোৱা মাৰপিটৰ ভিডিঅ’।

শেহতীয়াকৈ নিউয়ৰ্ক পোষ্টে এই ঘটনাৰ বিষয়ে এক বাতৰি প্ৰকাশ কৰিছে। জানিব পৰা মতে উক্ত ঘটনাৰ সংঘটিত হৈছে বাংলাদেশৰ এখন উৰাজাহাজত। উৰাজাহাজখনৰ আগফালে তথা কেবিনৰ পাছফালে থকা চিটত বহি থকা এজন যাত্ৰীয়ে হঠাতে আন এজন যাত্ৰীৰ মুখত প্ৰচণ্ড ঘোচাৰে প্ৰহাৰ কৰে। ঘটনাৰ লগে লগে বিমানখনৰ বাকী যাত্ৰীসকল স্তম্ভিত হৈ উঠে।

কাজিয়াখন ৰখাবলৈ বিমানত উপস্থিত থকা আন যাত্ৰীসকলে চেষ্টা কৰে যজিও দুই যাত্ৰীৰ মাজৰ যুদ্ধ ৰখাবলৈ সক্ষম নহ’ল। অৱশেষত বিমানখনৰ এজন ক্ৰু আহি দুয়োকে বুজাই বঢ়াই কাজিয়াৰ পৰিসমাপ্তি ঘটাবলৈ সমৰ্থ হয়। জানিব পৰা মতে বিমানৰ আসনক লৈ এই কাজিয়াৰ সূত্ৰপাত ঘটিছিল।

বিমান খনৰ কোনো যাত্ৰীৰ কেমেৰাত বন্দী হোৱা এই ঘটনাৰ ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰে। ইতিমধ্যে লাখ লাখ লোকে এই ভিডিঅ’টো চোৱাৰ লগতে শ্বেয়াৰো কৰিছে বুলি নিউয়ৰ্ক পোষ্টে বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে এই ঘটনা কেতিয়া আৰু কি তাৰিখত সংঘটিত হৈছিল সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই।

উল্লেখ্য যে শেহতীয়াকৈ উৰাজাহাজৰ যাত্ৰীয়ে ঘটাই আহিছে কেইবাটাও অঘটন। যোৱা নৱেম্বৰ মাহত এজন মদ্যপান কৰা লোকে চিঞৰ-বাখৰ কৰি ছিংগাপুৰ এয়াৰলাইন্সৰ কৰ্মচাৰীক ভাবুকি দিয়া দেখা গৈছিল।

আকৌ ভাৰতৰ শংকৰ মিশ্ৰ নামৰ এগৰাকী বিমান যাত্ৰীয়ে উৰাজাহাজত এগৰাকী ৭০ বছৰীয়া মহিলা যাত্ৰীৰ শৰীৰত প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল। এই ঘটনাবোৰৰ পিছত এইবাৰ আকৌ পোহৰলৈ আহিছে বাংলাদেশ এয়াৰলাইন্সত হোৱা মাৰপিটৰ খবৰ।