• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিছলৈ খোজ কাঢ়ি পাইছেনে? উপকাৰিতা আছে পিছলৈ খোজ কঢ়াৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 26, 2024 3:01 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগফালে চাই পিছলৈ কেতিয়াবা খোজ কাঢ়ি পাইছেনে?  পৰি যোৱাৰ সম্ভাৱনা থাকিলেও কিন্তু পিছলৈ খোজ কঢ়াটো শাৰীৰিক স্বাস্থ্য আৰু মগজু দুয়োটাৰে বাবে অতি উত্তম। শেহতীয়া গৱেষণাত ধৰা পৰিছে এই কথা।

পিছলৈ খোজ কঢ়াটোক ৰেট্ৰ’-ৱাকিং বুলি জনা যায়। ইয়াৰ ইতিহাসো বহুত পুৰণি। ত্ৰয়োদশ শতিকাৰ আগতেই মানুহে পিছলৈ খোজকঢ়াৰ খেল তথা প্ৰতিযোগিতা আয়োজন কৰিছিল।

গৱেষণা অনুসৰি পিছলৈ খোজ কঢ়াৰ কিছু শাৰীৰিক সুবিধা আছে। কঁকালৰ বিষ, আঁঠুৰ সমস্যা আৰু বাতবিষ কমোৱাৰ বাবে এই খোজ কঢ়াৰ পদ্ধতি প্ৰায়ে ফিজিঅ’থেৰাপিত ব্যৱহাৰ কৰা হয়। কিছুমান গৱেষণাত এইটোও দেখা গৈছে যে পিছলৈ খোজ কাঢ়িলে মগজুৰ ক্ষমতা, যেনে স্মৃতিশক্তি, প্ৰতিক্ৰিয়াৰ সময় আৰু সমস্যা সমাধানৰ দক্ষতা আদিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে।

Apply Now

সুস্বাস্থ্যৰ বাবে পিছলৈ খোজ কঢ়াৰ আৰম্ভণী প্ৰাচীন চীনত হোৱা বুলি বিশ্বাস কৰা হয়। শেহতীয়াকৈ এনেকৈ খোজকাঢ়ি যোৱাটোৱে ক্ৰীড়াত দক্ষতা বৃদ্ধি আৰু পেশী শক্তিশালী কৰাৰ উপায় হিচাপে পশ্চিমীয়া দেশৰ গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

আমেৰিকাৰ নেভাদা বিশ্ববিদ্যালয়ৰ বায়’মেকানিক্স বিশেষজ্ঞ জেনেট ডুফেকে বিগত ২০ বছৰ ধৰি পিছলৈ খোজ কঢ়াৰ ওপৰত গৱেষণা কৰি আহিছে। এটা অধ্যয়নত তেওঁ আৰু তেওঁৰ সহ-গৱেষকসকলে দেখিছে যে ১০ গৰাকী মহিলা ছাত্ৰীয়ে দিনটোত মাত্ৰ ১০-১৫ মিনিটকৈ চাৰি-পাঁচ সপ্তাহ পিছুৱাই খোজকঢ়াৰ ফলত তেওঁলোকৰ পেশীৰ শক্তিশালী আৰু শৰীৰৰ নমনীয়তা বৃদ্ধি পাইছে।

ৰেট্ৰ’ ৱাকিঙে পিঠিৰ পেশীবোৰো শক্তিশালী কৰে। ডুফেকৰ আন এক অধ্যয়নত দেখা গৈছে যে এনেদৰে খোজ কঢ়াৰ নিৰ্দিষ্ট সময় পিছত পাঁচজন খেলুৱৈৰ কঁকালৰ তলৰ অংশ পূৰ্বতকৈ শক্তিশালী হৈ উঠিছিল।

আজি বহুতো ক্ৰীড়াৰ প্ৰশিক্ষণত পিছলৈ দৌৰা আৰু খোজ কঢ়া আদি অন্তৰ্ভুক্ত। এই ধৰণৰ প্ৰশিক্ষণে আঁঠুৰ গাঁঠিৰ চাপ কমায়, লগতে আঁঠুৰ শক্তিও বৃদ্ধি কৰে। তদুপৰি ৰেট্ৰ’ ৱাকিঙে খেলুৱৈসকলক আঘাত প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে।

ইয়াৰ উপৰিও মেদবহুল, অষ্টিঅ’আৰ্থাইটিছ আৰু ষ্ট্ৰোক ৰোগীৰ বাবেও ৰেট্ৰ’ ৱাকিং উপকাৰী। 

কিন্তু এনে অস্বাভাৱিক খোজ শৰীৰৰ বাবে ইমান উপকাৰী কিয়? ডুফেকে কয় যে আগলৈ আৰু পিছলৈ খোজ কঢ়াৰ বায়’মেকানিক্স ইটো সিটোৰ পৰা বহুত বেলেগ। পিছলৈ খোজ কাঢ়িলে আঁঠুৰ গতি তুলনামূলকভাৱে কম হয়। গতিকে বহু লোকৰ বাবে — যেনে আঁঠুৰ অস্ত্ৰোপচাৰৰ পৰা মাত্ৰ সুস্থ হৈ উঠা কোনোবাই — এই ধৰণৰ খোজ কঢ়াটো স্বাভাৱিক খোজ কঢ়াতকৈ অধিক উপকাৰী হ’ব পাৰে।’

ৰেট্ৰ’-ৱাকিঙে আঁঠুৰ গাঁঠিতকৈ গোৰোহাৰ গাঁঠিত অধিক চাপ দিয়ে। ফলত গোৰোহাটো অধিক শক্তিশালী হৈ পৰে। 

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd