বঙাইগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ, মুঠ ভোটাৰ ১,৭৯,৭৩৫ গৰাকী 

 ৮৮,৮২১ গৰাকী পুৰুষ আৰু ৯০,৯১১ গৰাকী মহিলা,১০০ বছৰ বয়সৰ ওপৰৰ ভোটাৰ আছে ৭গৰাকী

চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাৰ ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিতো বুধবাৰে চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।

এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ডা:এম এছ লক্ষ্মী প্ৰিয়াই এখন সংবাদ মেল সম্বোধন কৰে। অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা,সদৰ মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়া(ভাৰপ্ৰাপ্ত)মোগেন নৰহৰ উপস্থিতিত অনুষ্ঠিত সংবাদ মেলত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে বিশেষ সংক্ষিপ্ত সংশোধনী ২০২২ অনুসৰি বঙাইগাঁও বিধানসভা সমষ্টিত ১২,২৬০ (বাৰ হেজাৰ দুশ ষাঠি)গৰাকী লোকে আবেদন কৰিছিল আৰু তাৰ ভিতৰত ৯,২৬৭(ন হেজাৰ দুশ সাতষষ্ঠি) গৰাকী লোকৰ আবেদন গ্ৰাহ্য হৈছে।

ফটোযুক্ত ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন পোৱা গৈছিল ৫,৪৬৫ (পাঁচ হেজাৰ চাৰিশ পয়ষষ্ঠি)গৰাকী লোকৰ পৰা আৰু তাৰে ভিতৰত ৩,৬৯৭ (তিনি হেজাৰ ছয় শ সাতান্নব্বৈ) গৰাকী লোকৰ আবেদন গ্ৰাহ্য হৈছিল। নাম কৰ্তনৰ বাবে আবেদন পোৱা গৈছিল ১০২৪ (এহেজাৰ চব্বিশ)গৰাকী লোকৰ পৰা আৰু গ্ৰাহ্য হৈছিল ৭৮৫ (সাত শ পছাশী) গৰাকী লোকৰ আবেদন ৷

সেইদৰে নাম শুধৰণিৰ বাবে আবেদন পোৱা গৈছিল ৪,৫১৮ (চাৰি হেজাৰ পাঁচ শ ওঠৰ) গৰাকী লোকৰ পৰা আৰু আবেদন গ্ৰাহ্য হৈছিল ৩,৯৪০ (তিনি হেজাৰ ন শ চল্লিশ) গৰাকী লোকৰ আবেদন ৷

সমষ্টিৰ ভিতৰতে নাম স্থানান্তৰ কৰাৰ বাবে আবেদন পোৱা গৈছিল ১,২৫৩ (এহেজাৰ দুশ তেৱান্ন ) গৰাকী লোকৰ পৰা আৰু আবেদন গ্ৰাহ্য হৈছিল ৮৪৫ (আঠ শ পঞ্চল্লিশ) গৰাকী লোকৰ। এই বিশেষ সংক্ষিপ্ত সংশোধনীৰ অন্তত চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৭৯,৭৩৫ (এক লাখ উনাশী হেজাৰ সাতশ পয়ত্ৰিশ) গৰাকী ৷

তাৰে ভিতৰত ৮৮,৮২১ (অষ্টাশী হেজাৰ আঠ শ একৈশ) গৰাকী পুৰুষ ভোটাৰ, ৯০,৯১১ (নব্বৈ হেজাৰ ন শ এঘাৰ) গৰাকী মহিলা ভোটাৰ আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

ইয়াৰে ভিতৰত ১,১৩৭ (এহেজাৰ এশ সাতত্ৰিশ) গৰাকী চাৰ্ভিচ ভোটাৰ আৰু ২৪৫ (দুশ পঞ্চল্লিশ) গৰাকী সন্দেহজনক ভোটাৰ ৷ উল্লেখ্য যে বয়স অনুসৰি বিধানসভা সমষ্টিটোত ১৮ বছৰৰ পৰা ১৯ বছৰৰ ভিতৰত ৩,৯২৩ (তিনি হেজাৰ ন শ তেইশগৰাকী), ২০ বছৰৰ পৰা ২৯ বছৰৰ ভিতৰত ৪৯,৯১১ (ঊনপঞ্চাশ হেজাৰ ন শ এঘাৰ) গৰাকী, ৩০ বছৰৰ পৰা ৩৯ বছৰৰ ভিতৰত ৪২, ৯১২ (বিয়াল্লিশ হেজাৰ ন শ বাৰ) গৰাকী, ৪০ বছৰৰ পৰা ৪৯ বছৰৰ ভিতৰত ৩৪,৮২৪ (চৌত্ৰিশ হেজাৰ আঠ শ চব্বিশ) গৰাকী, ৫০ বছৰৰ পৰা ৫৯ বছৰৰ ভিতৰত ২৭,০৩৩ (সাতাইশ হেজাৰ তেত্ৰিশ গৰাকী), ৬০ বছৰৰ পৰা ৬৯ বছৰৰ ভিতৰত ১৪,১৫৪ (চৈধ্য হেজাৰ এশ চৌৱান্ন) গৰাকী, ৭০ বছৰৰ পৰা ৭৯ বছৰৰ ভিতৰত ৫,৩৩১ (পাঁচ হেজাৰ তিনিশ একত্ৰিশ) গৰাকী, ৮০ বছৰৰ পৰা ৮৯ বছৰৰ ভিতৰত ১,৪২৮ (এহেজাৰ চাৰি শ আঠাইশ ) গৰাকী, ৯০ বছৰৰ পৰা ১০০ বছৰৰ ভিতৰত ২০৩ (দুশ তিনি) গৰাকী আৰু ১০০ বছৰ বয়সৰ ওপৰৰ ভোটাৰ আছে ৭গৰাকী।