কৰ’না সংকটৰ মাজতে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিত্ত বিভাগে কঢ়িয়াই আনিছে এক সুখৱৰ।
ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীয়ে ছেপ্টেম্বৰৰ প্ৰথমভাগতে পাব আগষ্ট মাহৰ দৰমহা।
অসম চৰকাৰৰ বিত্ত বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ কোষাগাৰলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে।
বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি, কৰ্মচাৰীৰ আগষ্ট মাহৰ দৰমহা, পেন্সনধাৰীসকলৰ পেন্সনকে ধৰি দৰমহাৰ বাহিৰে অনাদায় বিল আদি পাছ কৰিবলৈ কোষাগাৰ সমূহক নিৰ্দেশ দিয়া হৈছে।
২৯আগষ্টত জাৰি কৰা এই নিৰ্দেশনাত পহিলা ছেপ্টেম্বৰৰ পৰা বিলসমূহ প্ৰয়োজনীয় পৰীক্ষা সম্পূৰ্ণ কৰি তাৎক্ষণিকভাৱে পাছ কৰাৰ বাবে জৰুৰী নিৰ্দেশ দিয়া হৈছে।
স্বাভাৱিকতে, বিত্তীয় সংকটৰ বিষয়ে চৰ্চা চলি থকাৰ মাজতে বিত্ত বিভাগৰ এই নিৰ্দেশনাই কৰ্মচাৰীসকলৰ বাবে ভাল খৱৰ বুলি বিবেচিত হৈছে।