বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰঃ কি আছে বাজেটত!

Assam budget

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটৰ আয় হৈছে ১,৪৩,৬০৫.৫৬ কোটি আৰু ব্যয় হৈছে ১,৪৩,৮৯০.৬২ কোটি টকা। বাজেটৰ ঘাটিৰ পৰিমাণ হৈছে ৭৭৪.৪৭ কোটি টকা। ঋণৰ ওপৰত নিৰ্ভৰশীল অসম চৰকাৰে ২৯ হাজাৰ ৪৪০ কোটি টকাৰ ঋণ ল’ব বুলি বাজেটত উল্লেখ কৰা হৈছে। বাজেটৰ ঋণ পৰিমাণ হৈছে ২০.২৫০ শতাংশ।

বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত কয় যে অৰুণোদয়-২.০ পৰিসৰ বৃদ্ধিৰে অধিক জনসাধাৰণক সামৰি লোৱা বিগত বৰ্ষৰ সংকল্পৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয়- ২.০ আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্যখনৰ অন্ত্যোদয়া মহিলাসকলৰ উপৰি তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগজনৰ সাঙুৰি লোৱা হ’ব।

সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে গ্ৰামাঞ্চলৰ আত্ম- সহায়ক গোটসমূহৰ ৩৯,৬৭,৭৪৩গৰাকী মহিলা সদস্যলৈ ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি হিচাপে প্ৰদান কৰা হ’ব বুলিও মন্তব্য কৰে বিত্তমন্ত্ৰীয়ে। এই সুবিধা লাভ কৰাৰ পাছত এনে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নূন্যতম ২৫হাজাৰকৈ বেংকৰ ঋণ লাভ কৰিব। সেই ধনৰ সদব্যৱহাৰ আৰু সময়মতে ঋণ পৰিশোধ কৰিলে ১২৫০০টকাৰ ৰাজসাহায্য লাভ কৰিব।

আজিৰ বাজেটত উত্থাপিত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত ১০ লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে। এই সুবিধা অনুসৰি ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতোকোত্তৰ পৰ্যায়লৈ যিকোনো চৰকাৰী উচ্চ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। অৱশ্যে বিবাহিত ছাত্ৰী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ’ব।

আঁচনি অনুসৰি, একাদশ শ্ৰেণীত নামভৰ্তি কৰিবলৈ ১০,০০০ টকা, স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ১২,৫০০ টকা আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তি কৰাৰ বাবে প্ৰতিগৰাকী ছাত্ৰীয়ে ১৫,০০০ টকাকৈ উদগনিমূলক ধন হিচাপে লাভ কৰিব।

মন কৰিবলগীয়া যে, বিনামুলীয়া নামভৰ্তি, স্কুটি প্ৰদান ইত্যাদিৰ দৰে বৰ্তমানে প্ৰদান কৰি থকা সুবিধাসমূহৰ উপৰিও এই সুবিধা প্ৰদান কৰা হ’ব। ইয়াৰ বাবে বাজেটত ২৪০ কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

বিত্তমন্ত্ৰী বাজেটৰ অন্যান্য প্ৰস্তাৱসমূহ হৈছে ক্ৰমে ৰাম মন্দিৰলৈ যোৱা ২৫ শ তীৰ্থযাত্ৰীক আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। ইয়াৰ বাবে ২৫ কোটি টকা আৱন্টন দিয়াৰ প্ৰস্তাৱ ৰখা হৈছে। আনহাতে যিবোৰ পৰিয়ালত এজনো চাকৰিয়াল নাই তেনে প্ৰাৰ্থীক অতিৰিক্তভাৱে ৫ নম্বৰকৈ প্ৰদান কৰা হ’ব। চাহ জনজাতি সম্প্ৰদায়ৰ চৰকাৰী চাকৰি ৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে।

অসমীয়া চলচ্চিত্ৰক উৎসাহিত কৰিবলৈ পূৰ্ণ দৈঘ্যৰ অসমীয়া বোলছবিৰ বাবে ১০লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব বুলিও উল্লেক কৰা হৈছে। চাফাই কৰ্মীসকলক ঘৰ প্ৰদান কৰা হ’ব। কুকুৰা আৰু কণী উৎপাদকলৈ বাজেটত ২৫কোটি টকা ধাৰ্য কৰা হৈছে। মাইক্ৰ ফাইনেন্সক সকাহ দিবৰ বাবে বাজেটত ৫৫০কোটি টকা ধাৰ্য কৰা হৈছে।

জি এম চিৰ নতুন আন্তঃগাথনিৰ বাবে ৩২৫০কোটি টকা ধৰা হৈছে। ৫৫০কোটি টকাৰ ব্যয়েৰে ৫০টা মথাউৰি নিৰ্মাণ। নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী বা ব্যক্তিগত গৃহত সৌৰশক্তিৰ ব্যৱস্থাপনা বাধ্যতামূলক কৰা হৈছে। ৩০০কোটি টকাৰ ব্যয়েৰে চন্দ্ৰপুৰত ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। দিপৰ বিল পুণৰাজ্জীৱিতকৰণৰ বাবেও ১০০কোটি টকা ধাৰ্য কৰা বাজেটত।

আৰক্ষী-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বসবাসৰ সু-ব্যৱস্থাৰ বাবে চৰকাৰে অনাগত ৫ বছৰত ১০,০০০ নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা লৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ২,০০০ টা গৃহ নিৰ্মাণৰ কাম সম্পূর্ণ কৰিব। এই উদ্দেশ্য ১৫০ কোটি টকা ধার্য কৰিছে। অগ্নিবীৰ হিচাপে নিযুক্তি পোৱা অসমৰ যুৱক-যুৱতীসকলৰ বাবে অসম আৰক্ষীত ১০% পদ সংৰক্ষণৰ কথা ঘোষণা কৰা হৈছে বাজেটত।