NORTHEAST NOW (Assamese)

আজি বিয়লি তিনি বজাত বন্ধ হ’ব কোষাগাৰৰ লেন-দেন

March 30, 2019 8:58 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

বিত্তীয় বৰ্ষৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত  ৰাজ্যৰ বিত্ত বিভাগত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিত্ত বিভাগে লেন-দেন সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

বিত্ত বিভাগৰ ঘোষণা অনুসৰি ২০১৮-১৯ বিত্তীয় বৰ্ষৰ সকলো ধৰণৰ বিত্তীয় লেনদেন আজি ৩০ মাৰ্চৰ বিয়লি ৩ বজাত অন্ত পৰিব। সেয়ে ৰাজ্যৰ প্ৰতিটো কোষাগাৰক ২৯ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ বিল বা চেক গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

এই নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰদান নকৰা কোনো বিভাগৰ বিল বা চেক কোষাগাৰে গ্ৰহণ কৰিব নোৱাৰিব। অৰ্থাৎ শুকুৰবাৰেই ২০১৮-১৯ বিত্তীয় বৰ্ষৰ সকলো ধৰণৰ বিত্তীয় লেনদেনৰ বিল বা চেক কোষাগাৰে গ্ৰহণ কৰাৰ অন্তিম দিন আছিল।

আনহাতে, আজি বিয়লি ৩ বজাত চলিত বিত্তীয় বৰ্ষৰ বাবে সকলো লেনদেন বন্ধ হৈ পৰিব। বিত্ত বিভাগৰ এই নিৰ্দেশনাৰ পাছৰে পৰা চৰকাৰী বিভাগসমূহত যথেষ্ট পৰিলক্ষিত হয়। যোৱা দুদিনত বিভাগীয় কাৰ্যালয়সমূহত চৰকাৰী কামৰ লগতে অনাদায়কৃত বিলৰ বাবে সংশ্লিষ্ট ঠিকাদাৰ, যোগানকাৰীসকলে যথেষ্ট হেচা দিয়া দেখা যায়।

Related News