গংগাত মূৰ্তি বিসৰ্জন দিলে ৫০ হাজাৰ জৰিমনা; ব্ৰহ্মপুত্ৰৰ বাবে কিয় নাই এই নিয়ম?

idol immersion

প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰদূষণৰ কৱলৰ পৰা গংগা নদীক মুক্ত কৰি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে ১৫ দফীয়া এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। জাননী অনুসৰি উৎসৱৰ সময়ত যদি গংগা নদী অথবা ইয়াৰ উপনদী সমূহত মূৰ্তি বিসৰ্জন দিয়া হয় তেন্তে ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব।

ইয়াৰ উপৰি নদীৰ ঘাট সমূহত চোকা নজৰ ৰাখিব বুলিও জানিব পৰা যায়।

নেশ্যনেল মিশ্যন ফৰ ক্লিন গংগা(এন এম চি জি) ই জাৰি কৰা জাননী গংগা অৱধাৰিত ১১ খন ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰদান কৰা হৈছে।

‘গংগা নদী আৰু ইয়াৰ উপনদী সমূহত মূৰ্তি বিসৰ্জন দিব নোৱাৰিব’। যোৱা মাহত ৰাজ্যৰ প্ৰতিনিধি আৰু এন এম চি জিৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

জানিব পৰা অনুসৰি উক্ত বৈঠকত উত্তৰাখণ্ড, য়ুপি, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ প্ৰতিনিধি উপস্থিত আছিল।

উক্ত ৰাজ্য কেইখনৰ উপৰি বৈঠকত উপস্থিত নথকা দিল্লী, হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, চত্তিশগড়, হাৰিয়ানা আৰু ৰাজস্থানৰ মুখ্য সচিবলৈও এই জাননী প্ৰেৰণ কৰা হৈছে।

ইফালে এন এম চি জিয়ে জাৰি কৰা এই নিৰ্দেশ কঠোৰভাৱে প্ৰয়োগ কৰাৰ লগতে নদীৰ বিপৰীতে মূৰ্তি বিসৰ্জনৰ বাবে অন্য বিকল্পৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য কেইখনক আহ্বান জনায়।

পৰিবেশ সুৰক্ষা আইন, ১৯৮৬ৰ ৫ নং ধাৰাৰ অধীনত জাৰি কৰা এই নিৰ্দেশৰ জৰিয়তে আৰু কয়, ‘গংগা আৰু ইয়াৰ উপনৈ সমূহৰ ঘাটত মূৰ্তি বিসৰ্জন দিলে ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব। মূৰ্তি বিসৰ্জনৰ বাবে নগৰ সমূহৰ ভিতৰত নাইবা গংগা আৰু ইয়াৰ উপনৈৰ ঘাটত অস্থায়ী পুখুৰী নিৰ্মাণ কৰাটো প্ৰয়োজনীয়’।

এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয়, গংগা নদীৰ বিপৰীতে কিয় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ ক্ষেত্ৰত এনেধৰণৰ জাননী জাৰি কৰা নহ’ল।

অসমৰ দৰে ৰাজ্যত কেৱল দুৰ্গা পূজাৰ সময়তে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহত হাজাৰ হাজাৰ দেৱ-দেৱীৰ মূৰ্তি বিসৰ্জন দিয়া হয়।

উল্লেখ্য যে মূৰ্তি সমূহ নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা বিভিন্ন বিষাক্ত পদাৰ্থই ভয়াবহ ভাৱে জল প্ৰদূষণ কৰে। যিয়ে জলপ্ৰাণী সমূহলৈ ভাবুকি কঢ়িয়াই আনিছে।

ইফালে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ মাছৰ চাহিদাও সৰ্বাধিক। কিন্তু মূৰ্তি বিসৰ্জনৰ ফলত সৃষ্টি হোৱা প্ৰদূষণে এই মাছৰ অস্তিত্বলৈ শংকা নামি অহাৰ লগতে জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

সেয়ে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহত মূৰ্তি বিসৰ্জন ৰোধ কৰাৰ বাবে একে ধৰণৰ জৰিমনাৰ লগতে অন্যান্য ব্যৱস্থা সমূহ গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী উত্থাপন কৰিছে।