Sanna Marin: পাৰ্টিত সুৰাপান কৰি গানৰ তালত নৃত্য! ড্ৰাগ টেষ্ট কৰালে বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীগৰাকীয়ে

চান্না মাৰিন।

Finland PM Sanna Marin undergoes drug test এটা পাৰ্টিত সুৰাপান কৰি নৃত্য আৰু গানত মত্ত হোৱাকলৈ আৰম্ভ হোৱা বিতৰ্কৰ পিছত ড্ৰাগ টেষ্টৰ সন্মুখীন হৈছে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী চান্না মাৰিন।

অৱশ্যে একে সময়তে, তেওঁ শপত খাই কয় যে তেওঁ কোনো নিষিদ্ধ ড্ৰাগছ গ্ৰহণ কৰা নাছিল। তেওঁ লগতে কয় যে শনিবাৰে নিশা তেওঁৰ চৰকাৰী কামকাজ কৰাৰ সক্ষমতা আছিল আৰু তেনে কাম আহি পৰিলে তেওঁ পাৰ্টি এৰি গৈ কামতেই লাগিলেহেঁতেন।

লগতে পঢ়ক: Tomato Flu Outbreak in India: ভাৰতত বৃদ্ধি পাইছে টমেট’ ফ্লু; ৮২ জনৰ শৰীৰত হৈছে চিনাক্ত, জানক সৱিশেষ

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা পাৰ্টিৰ ভিডিঅ’ক লৈয়েই ঘটনাটো আৰম্ভ হৈছিল। এই ভাইৰেল ভিডিঅ’টোত প্ৰধানমন্ত্ৰীক অতি উল্লাসপূৰ্ণ অৱস্থাত দেখা গৈছিল। নৃত্য, গান, সুৰাপান তেওঁ সকলো কৰিছিল। বন্ধুবৰ্গৰ সৈতে তেওঁৰ পাৰ্টী কৰাৰ ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে।

চান্না মাৰিন।

এই ঘটনাৰ পিছতে বিৰোধীৰ পৰা দাবী উত্থাপিত হৈছিল যে মাৰিনৰ ড্ৰাগ টেষ্ট কৰা উচিত। সমালোচকসকলে কয় যে এইটো প্ৰধানমন্ত্ৰীৰ বাবে এটা শোভনীয় কথা নহয়।

অৱশ্যে তেওঁ সেইদিনা ড্ৰাগছ সেৱনৰ অভিযোগ অস্বীকাৰ কৰিছিল। তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁ কেৱল পাৰ্টিত সুৰাপান কৰিছিল। মাৰিনে এইটোও কৈছিল যে তেওঁ ভিডিঅ’টো নিৰ্মাণ কৰা বুলি জানিছিল যদিও এইটো ৰাজহুৱা হৈ পৰাটো দুৰ্ভাগ্যজনক।

লগতে পঢ়ক: FIFA ban AIFF Impact: প্ৰধানমন্ত্ৰী মোডীৰ ফোনেও নিদিলে কাম; হতাশ হৈ ঘৰলৈ উভতিছে গোকুলম কেৰালা এফ চি

ছ’চিয়েল মিডিয়াত বহুতেই প্ৰধানমন্ত্ৰীৰ সুৰাপান কৰি নৃত্য আৰু গানত মত্ত হোৱাৰ বিষয়টো সমালোচনা কৰিছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে নিজেই কয় যে তেওঁ একো ভুল কৰা নাই। তেওঁ নাচিছিল আৰু গান গাইছিল যিটো একেবাৰে অবৈধ নহয় আৰু ভৱিষ্যতে তেওঁৰ আচৰণ সংশোধন কৰিব লাগিব বুলিও তেওঁ নাভাৱে।

চান্না মাৰিন।

চান্না মাৰিণৰ বৰ্তমান বয়স ৩৬ বছৰ। তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী। তেওঁক প্ৰায়ে সংগীত উৎসৱত দেখা যায়। যোৱা বছৰ তেওঁ ক্লাবত এজন কোভিড ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পিছত ক্ষমা বিচাৰিছিল।

লগতে পঢ়ক: স্বাস্থ্য কেন্দ্ৰত আজৱ ঘটনা; আহত মহিলাৰ ক্ষতস্থানত কণ্ড’মৰ পেকেটেৰে বেণ্ডেজ

আনহাতে, যোৱা সপ্তাহত জাৰ্মানীৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত তেওঁক বিশ্বৰ আটাইতকৈ শীতল মস্তিস্কৰ (কুলেষ্ট) প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰা হৈছিল।