আইন ভংগ! ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ড্যানিয়াল লাংঠাছাৰ বিৰুদ্ধে গোচৰ ৰুজু

mojk

ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ বিৰোধী কংগ্ৰেছ দলৰ হাফলং সমষ্টিৰ নিৰ্বাচিত স্বায়ত্ব পৰিষদ সদস্য ড্যানিয়াল লাংঠাছাৰ বিৰুদ্ধে গোচৰ তৰিলে বিজেপি শাসিত পৰিষদ খনৰ মুখপাত্ৰ ইএম চ্যামুয়েল চাংছানৰ উপৰি আন আন সদস্যসকলে।

হাফলং সদৰ আৰক্ষী থানাত এই গোচৰ তৰা হৈছে।

কংগ্ৰেছ নেতা ড্যানিয়ালে সোমবাৰে মুখ্যমন্ত্ৰীৰ হাফলং ভ্ৰমণৰ দিনা হাফলং বজাৰত চচিয়েল মিডিয়াৰ যোগেদি লাইভ কৰি সৰ্বশিক্ষা অভিযানৰ অধীনত বিদ্যালয়ৰ খোৱাপানী যোগান আঁচনিত কোটিটকীয়া দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ উপৰি তেওঁক কোনোবাই উপঢৌকন দিছিল বুলি অভিযোগ কৰিছিল।

ড্যানিয়াল লাংঠাছাই উপঢৌকন গ্ৰহণ কৰি সেই অৰ্থ বজাৰৰ স্থানীয় দোকানী সকলৰ মাজত বিতৰণ কৰিছিল। তেনে পৰিস্থিতিত বিজেপি পৰিষদে সংবাদমেল পাতি উপঢৌকন দিয়া ব্যক্তি গৰাকীৰ নাম ৰাজহুৱা কৰাৰ আহ্বান জনাইছিল। কিন্তু লাংঠাছাই ব্যক্তিগৰাকীৰ নাম প্ৰকাশ কৰা নাই।

তেনে পৰিস্থিতিত বিজেপি শাসিত পৰিষদে বাধ্যত পৰি ড্যানিয়াল লাংঠাচাৰ বিৰুদ্ধে আইনৰ কাষ চাপে।
আজি পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত এক সংবাদমেল পাতি ড্যানিয়াল লাংঠাচাৰ বিৰুদ্ধে আইন ভঙ্গৰ অভিযোগ উত্থাপন কৰে ডিমা হাছাও স্বায়ত্ব পৰিষদৰ ইএম তথা মুখপাত্ৰ চ্যামুয়েল চাংছানে।

তেওঁ কয় যে ড্যানিয়াল লাংঠাছাক যদি কোনোবাই উপঢৌকন দিছিল তেওঁ বিষয়টো আৰক্ষীক জনাব লাগিছিল। কিন্তু এয়া নকৰি তেওঁ ফেচবুকত পৰিষদৰ মৰ্যাদা হানি কৰাৰ অপচেষ্টা চলায়।যি গৰিহণা যোগ্য।

আনহাতে ড্যানিয়াল লাংঠাচাৰ তেনে অভিযোগৰ পাছত পাৰ্বত্য পৰিষদৰ শিক্ষা বিভাগে তদন্ত আৰম্ভ কৰিছে। লগতে এনে কাৰ্যৰ বিৰুদ্ধে ব্যবস্থা লোৱাৰ বাবে এজাহাৰ দিয়া হয়।

সংবাদমেলত চ্যামুয়েল চাংছানৰ উপৰি উপস্থিত আছিল ইএম ৰতন জাৰাম্বুছা, প্ৰজিত হোজাই, ইএম ৰামগুলাম্বে জেমি, ইএম নজিত কেম্প্ৰাই আদি।