NORTHEAST NOW (Assamese)

ফেচবুক গ্ৰুপৰ বিৰুদ্ধে এজাহাৰ মনজিৎ মহন্তৰ

May 8, 2020 7:50 pm · দীপজ্যোতি শৰ্মা
Updated: May 8, 2020 7:58 pm

সাংবাদিক মনজিৎ মহন্তই TV Pepartত নোপোৱা খবৰনামৰ ফেচবুক গ্ৰুপটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

মহন্তই তেওঁৰ লগতে বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে গ্ৰুপটোত দিয়া পোষ্টক লৈ গীতানগৰ থানাত এজাহাৰ দাখিল কৰে।

মহন্তই কয় যে বিশেষ গ্রুপটোৱে তেওঁলোকৰ ফটো প্ৰকাশ কৰি লিখিছে এইদৰে,এই তিনিটা ব্যক্তি হ’ল অসমৰ বিষাক্ত ভাইৰাছ।…”

ফেচবুক গ্রুপটোৰ  বিৰুদ্ধে গোচৰ দাখিল কৰি সাংবাদিক মহন্তই কয়,যিটো পোষ্ট দিছে তাত ভাষাৰ কোনো মাবাপ নাই। তাতে বুজি পোৱা যায় তেওঁলোকৰ জ্ঞান।

বিজেপি আইটি চেলৰ উদ্যোগত এইসমূহ গ্রুপ চলি থকা বুলি অভিযোগ উত্থাপন কৰি মহন্তই কয়,পুলিচপ্ৰশাসনে চৰকাৰী পক্ষই দিয়া গোচৰ যিদৰে গুৰুত্ব দিয়ে আমি দিয়া গোচৰো গুৰুত্ব দিয়ক।

তেওঁ সাম্প্ৰদায়িক মন্তব্য দিয়া প্ৰতিজনৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Related News