NORTHEAST NOW (Assamese)

১১.৯৬ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত পত্নীসহ ৰেমো ডি’ চুজাকে ধৰি ৭জনৰ বিৰুদ্ধে FIR দাখিল

October 20, 2024 10:03 am · এন ই নাও নিউজ, গুৱাহাটী
ৰেমো ডি’চুজা আৰু তেওঁৰ পত্নী লিজেল। ফটোঃ সংগ্ৰহীত।

ৰেমো ডি’চুজাকে ধৰি ৭জন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। ৰেমো এজন বিখ্যাত কৰিঅ’গ্ৰাফাৰ আৰু বহু ডান্স ৰিয়েলিটি শ্ব’ৰ বিচাৰক। তেওঁৰ বিৰুদ্ধে নৃত্য দল এটাক ১১.৯৬ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে।

বাতৰি মতে, ১৬ অক্টোবৰত মহাৰাষ্ট্ৰৰ থানাত ৰেমো, তেওঁৰ পত্নী লিজেল আৰু আন পাঁচজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ১৯ অক্টোবৰত আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰে। ২৬ বছৰীয়া এগৰাকী নৃত্যশিল্পীয়ে তেওঁৰ বিৰুদ্ধে মীৰা ৰোড থানাত এই গোচৰ ৰুজু কৰে।

ৰেমো আৰু তেওঁৰ পত্নীৰ বাহিৰেও এজন আৰক্ষীকে ধৰি আন পাঁচজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বাকী চাৰিজন হৈছে ওমপ্ৰকাশ শংকৰ চৌহান, ৰোহিত যাদৱ, বিনোদ ৰাউত আৰু ৰমেছা গুপ্তা।

এফ আই আৰ অনুসৰি অভিযোগকাৰীয়ে দাবী কৰিছে যে ২০১৮ চনৰ পৰা ২০২৪ চনলৈকে ৰেমো আৰু তেওঁৰ সহযোগীয়ে তেওঁক প্ৰতাৰণা কৰিছিল। টিভিৰ এটা নৃত্য অনুষ্ঠানত গ্ৰুপটোৱে অনুষ্ঠান পৰিৱেশন কৰি শ্ব’টোত জয়ী হোৱা বুলিও জনা গৈছে। এই অনুষ্ঠানত দলটোৱে জয়লাভ কৰি নগদ ধনৰ পুৰস্কাৰ লাভ কৰে। অভিযোগ অনুসৰি ৰেমো আৰু তেওঁৰ সহযোগীসকলে নিজাকৈ একাউণ্ট দাখিল কৰি দলটোৰ পৰা ১১.৯৬ কোটি টকা আত্মসাৎ কৰে।

সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৰেমোৰ নাম এনে বিতৰ্কৰ সৈতে জড়িত হোৱাটো প্ৰথম নহয়। প্ৰায় ৮ বছৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে ৫ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু হৈছিল। অভিযোগকাৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে ৰেমোই তেওঁৰ পৰা ছবি নিৰ্মাণৰ নামত ৫ কোটি টকা লৈ ১০ কোটি টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁ সেই ধন ঘূৰাই নাপালে বুলি কয়। ২০২৪ চনৰ আগষ্ট মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হৈছিল।

Related News