OLX ত ৩০,০০০ কোটি টকাত ষ্টেচ্যু অফ য়ুনিটি ‘বিক্ৰী’ কৰাৰ চেষ্টা; এজাহাৰ দাখিল

statue-of-unity-1575646730

কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হাস্পাতল তথা চিকিৎসা আন্ত:গাঁথনিৰ চৰকাৰী খৰচৰ জোৰা মাৰিবলৈ নৰ্মদা জিলাৰ কেৱাদিয়াত থকা ষ্টেচ্যু অফ য়ুনিটি ‘বিক্ৰী’ কৰিবলৈ এক অনলাইন বিজ্ঞাপন দিয়া গুজৰাটৰ এগৰাকী অচিন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

চৰ্দাৰ পেটেলৰ স্মৃতিত স্থাপন কৰা ১৮২ মিটাৰ উচ্চতাৰ বিশ্বৰ আটাইতকৈ ওখ এই সৌধটো যোৱা ২০১৮চনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰাৰ পাছৰে পৰা কেইবালাখো লোকে পৰিদৰ্শন কৰিছে।

কেৱাদিয়া আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কোনো অচিন ব্যক্তিয়ে শনিবাৰে OLX ত এটা বিজ্ঞাপন দিয়ে যে হাস্পাতল আৰু স্বাস্থ্যসেৱাৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে প্ৰয়োজন হোৱা ধনৰ জোৰা মাৰিবলৈ তেওঁক ৩০,০০০ কোটি টকাত ষ্টেচ্যু অফ য়ুনিটিটো বিক্ৰী কৰাৰ প্ৰয়োজন হৈছে।

‘’এখন বাতৰিকাকতত প্ৰকাশ পোৱা এটা নিৱন্ধৰ পাছতেই স্মৃতিৰক্ষা কৰ্তৃপক্ষই বিষয়টো জানিব পাৰে আৰু আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে এপিডেমিক ডিজিজেছ এক্ট এণ্ড ইনফৰমেশ্যন টেকন’লজি এক্ট, ভাৰতীয় দণ্ডবিধিৰ অধীনত এটা ঠগ আৰু প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰে,’’- থানাখনৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

ইপিনে, প’ষ্টটো দিয়াৰ পাছতেই বিজ্ঞাপনটো ৱেবছাইটৰ পৰা উঠাই দিয়া হয়।

ষ্টেচ্যু অফ য়ুনিটিৰ মুখ্য প্ৰশাসকগৰাকীয়ে এটা বিবৃতিত কয়,‘’ চৰকাৰী সম্পত্তি এটা তেওঁ বিক্ৰী কৰিব নোৱাৰা সত্ত্বেও, এই অচিন ব্যক্তিজনে OLX ত বিজ্ঞাপনটো দি চৰকাৰক বদনাম কৰিছে আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছে।‘’

বিবৃতিটোত লগতে কোৱা হয় যে বিজ্ঞাপনটোৱে চৰ্দাৰ পেটেলৰ আদৰ্শৰ অনুগামী কোটি কোটি লোকৰ আবেগক আঘাত কৰিছে।