NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেবৰ বিবাহ বিচ্ছেদ: অভিযুক্তৰ সন্ধানত আৰক্ষী

April 26, 2019 9:00 pm · এন ই নাও নিউজ
Updated: April 26, 2019 9:04 pm
বিপ্লব আৰু নিতি দেব। ফাইল ছবি।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেবৰ বিবাহ বিচ্ছেদ হোৱা বুলি প্ৰকাশ কৰা এটা ফে’চবুক প’স্ত চৰ্চিত হৈছিল। সেই প’স্তটোৰ যোগেদি উৰাবাতৰি বিয়পোৱা ব্যক্তিজনৰ সন্ধানত এতিয়া নামি পৰিছে ৰাজ্যখনৰ আৰক্ষী।

পশ্চিম ত্ৰিপুৰা আৰক্ষী থানাত শুকুৰবাৰে এই সন্দৰ্ভত অনুপম পল নামৰ ফে’চবুক ব্যৱহাৰকাৰীজনৰ বিৰুদ্ধে এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ অনুসৰি, বিপ্লব দেবৰ পত্নী নিতি দেবে দিল্লীৰ এখন আদালতত বিবাহ বিচ্ছেদৰ আবেদন কৰা বুলি অভিযুক্ত অনুপম পলে কিছুমান নথি ফে’চবুকত ৰাজহুৱা কৰিছিল।

ফে’চবুক প’স্তটো ভাইৰেল হৈ পৰাত নিতি দেবে সেয়া উৰা বাতৰি বুলি স্পষ্ট কৰি সস্তীয়া ৰাজনৈতিক স্বাৰ্থৰ বাবে এই “লেতেৰা ৰটনা” ৰচা হৈছে বুলি মন্তব্য কৰে।

অভিযুক্তজনৰ বিৰুদ্ধে জালিয়াতি, মানহানি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ অনা হৈছে।

“আমি এজাহাৰখন পঞ্জীয়ন কৰিছো। অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষী তেওঁৰ ঘৰলৈ গৈছিল কিন্তু তেওঁ ঘৰত নাছিল,” ত্ৰিপুৰা আৰক্ষীৰ দি আই জি অৰিন্দম নাথৰ উদ্ধৃতি ইন্দিয়ান এক্সপ্ৰে’ছৰ।

Related News