NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

October 13, 2019 10:05 pm · তন্ময় চক্ৰৱৰ্তী
বাদল চৌধুৰী। ফাইল ফটো।

ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী বাদল চৌধুৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত এটা গোচৰ ৰুজু হৈছে।

বৰ্তমান এজন বিধায়ক বাদল চৌধুৰী ভূতপূৰ্ব বাওঁ মিত্ৰজোঁটৰ চৰকাৰখনত গড়কাপ্তানী বিভাগৰ মন্ত্ৰী আছিল।

আৰক্ষীয়ে গোচৰ ৰুজু হোৱাটো নিশ্চিত কৰি কয়, বৰ্তমানৰ চৰকাৰখনে ২০০৮-০৯ চনত সম্পন্ন কৰা বিভাগটোৰ কিছুমন কামৰ দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিছে।

চৌধুৰীৰ উপৰি বিভাগটোৰ আন কেইজনমান বিষয়াকো এই গোচৰত সাঙুৰি লোৱা হৈছে। তেওঁলোকৰ মাজৰ উল্লেখযোগ্য দুজন হ’ল প্ৰাক্তন মুখ্য সচিব য়শপাল সিং আৰু বিভাগটোৰ প্ৰাক্তন মুখ্য অভিযন্তা সুনীল ভৌমিক।

জানিব পৰামতে, গড় কাপ্তানী বিভাগৰ প্ৰাথমিক পৰ্য্যৱক্ষণ আৰু তাৰ পৰৱৰ্তী অনুসন্ধানৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা 409, 418, 420, 201, 120B আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰ 13-ৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে।

এজাহাৰখন দিয়া হৈছিল পশ্চিম আগৰতলা আৰক্ষী থানাত আৰু তাৰ ভিত্তিত পঞ্জীয়নকৃত গোচৰটোৰ নম্বৰ হ’ল ২৫১/১৯। গোচৰটোৰ তদন্ত ৰাজ্যখনৰ অপৰাধ শাখাই কৰিব।

সূত্ৰটোৰ মতে, অনুসন্ধানৰ সময়ছোৱাত দুৰ্নীতি তদন্তকাৰী কৰ্তৃপক্ষই বহুকেইটা সন্দেহজনক দিশ ধৰা পেলায়। এই সময়ছোৱাৰ ভিতৰত মুঠ ৬০০ কোটি টকাৰ অনিয়ম হৈছিল বুলি অভিযোগ অনা হৈছে।

পূৰ্বে দুৰ্নীতি অভিযোগ সন্দৰ্ভত বাদল চৌধুৰীয়ে মন্তব্য কৰিছিল যে তেওঁ যিকোনো ধৰণৰ তদন্তৰ সন্মুখীন হ’বলৈ সাজু।

চৌধুৰী ৰাজ্যখনৰ ৩৭ নং ঋষ্যমুখ বিধানসভা সমষ্টিৰ বিধায়ক।

Related News