• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

তন্ময় চক্ৰৱৰ্তী by তন্ময় চক্ৰৱৰ্তী
October 13, 2019 10:05 pm
Badal Choudhury

বাদল চৌধুৰী। ফাইল ফটো।

2.8k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী বাদল চৌধুৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত এটা গোচৰ ৰুজু হৈছে।

বৰ্তমান এজন বিধায়ক বাদল চৌধুৰী ভূতপূৰ্ব বাওঁ মিত্ৰজোঁটৰ চৰকাৰখনত গড়কাপ্তানী বিভাগৰ মন্ত্ৰী আছিল।

আৰক্ষীয়ে গোচৰ ৰুজু হোৱাটো নিশ্চিত কৰি কয়, বৰ্তমানৰ চৰকাৰখনে ২০০৮-০৯ চনত সম্পন্ন কৰা বিভাগটোৰ কিছুমন কামৰ দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিছে।

চৌধুৰীৰ উপৰি বিভাগটোৰ আন কেইজনমান বিষয়াকো এই গোচৰত সাঙুৰি লোৱা হৈছে। তেওঁলোকৰ মাজৰ উল্লেখযোগ্য দুজন হ’ল প্ৰাক্তন মুখ্য সচিব য়শপাল সিং আৰু বিভাগটোৰ প্ৰাক্তন মুখ্য অভিযন্তা সুনীল ভৌমিক।

জানিব পৰামতে, গড় কাপ্তানী বিভাগৰ প্ৰাথমিক পৰ্য্যৱক্ষণ আৰু তাৰ পৰৱৰ্তী অনুসন্ধানৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা 409, 418, 420, 201, 120B আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰ 13-ৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে।

এজাহাৰখন দিয়া হৈছিল পশ্চিম আগৰতলা আৰক্ষী থানাত আৰু তাৰ ভিত্তিত পঞ্জীয়নকৃত গোচৰটোৰ নম্বৰ হ’ল ২৫১/১৯। গোচৰটোৰ তদন্ত ৰাজ্যখনৰ অপৰাধ শাখাই কৰিব।

সূত্ৰটোৰ মতে, অনুসন্ধানৰ সময়ছোৱাত দুৰ্নীতি তদন্তকাৰী কৰ্তৃপক্ষই বহুকেইটা সন্দেহজনক দিশ ধৰা পেলায়। এই সময়ছোৱাৰ ভিতৰত মুঠ ৬০০ কোটি টকাৰ অনিয়ম হৈছিল বুলি অভিযোগ অনা হৈছে।

পূৰ্বে দুৰ্নীতি অভিযোগ সন্দৰ্ভত বাদল চৌধুৰীয়ে মন্তব্য কৰিছিল যে তেওঁ যিকোনো ধৰণৰ তদন্তৰ সন্মুখীন হ’বলৈ সাজু।

চৌধুৰী ৰাজ্যখনৰ ৩৭ নং ঋষ্যমুখ বিধানসভা সমষ্টিৰ বিধায়ক।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd