উত্তৰাখণ্ড : দিল্লীৰ পৰা ডেৰাডুন অভিমুখী শতাব্দী এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড

চলন্ত অৱস্থাতে ভয়ংকৰভাৱে অগ্নিদগ্ধ হ’ল এখন ট্ৰেইন।

উত্তৰাখণ্ডৰ কাচাৰা ৰেলৱে’ ষ্টেচনৰ সমীপত ৰাজ্যখনৰ শীতকালীন ৰাজধানী ডেৰাডুন অভিমুখী এখন শতাব্দী এক্সপ্ৰেছত ভয়ংকৰভাৱে জুই লাগে।

উত্তৰাখণ্ড আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডটোত অৱশ্যে কোনো যাত্ৰী হতাহত হোৱা নাই।

ট্ৰেইনখন শুকুৰবাৰে আবেলি দিল্লীৰ পৰা ডেৰাডন অভিমুখে গৈ থাকোতেই এই ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে লগালগ যাত্ৰীসকলক উদ্ধাৰ কৰে।

নতুন দিল্লীৰ ৰেলৱে’ বিভাগে জনাইছে যে শ্বৰ্ট চাৰ্কিটৰ ফলতে ট্ৰেইনখনৰ চি-ফাইভ দবাটোত জুই লাগে।

”সুৰক্ষাকৰ্মীসকলে জনাইছে যে সকলো যাত্ৰী সৰুক্ষিত অৱস্থাত আছে আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছে।” ৰেলৱে বিভাগে কয়- ”দবাটোত থকা মুঠ  ৩৫জন যাত্ৰীক আন দবাসমূহলৈ লৈ যোৱা হয়। ট্ৰেইনখনে ইতিমধ্যে লক্ষ্যস্থান অভিমুখে ৰাওনা হৈছে।

উত্তৰাখণ্ড ডিজিপি অশোক কুমাৰে জনাইছে ইতিমধ্যে ট্ৰেইনখন ডেৰাডুনত আহি পাইছে।

অগ্নিকাণ্ডটোত কোনো লোক হতাহত নোহোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে স্বস্তি প্ৰকাশ কৰিছে আৰু ভগৱানক ধন্যবাদ জনাইছে।

”প্ৰভু বদ্ৰী বিশাল আৰু বাবা কেদাৰ নাথলৈ ধন্যবাদ জ্ঞাপন কৰিছো যে কোনো যে সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে।”- এটা টুইটযোগে মুখ্যমন্ত্ৰীজনে এইদৰে কয়।