NORTHEAST NOW (Assamese)

মহানগৰীত গুলিচালনাৰ ঘটনা : গুৰুতৰভাৱে আহত ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰী

September 12, 2019 6:41 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো

মহানগৰীৰ কুমাৰপাৰাত সংঘটিত হৈছে গুলিচালনাৰ এক চাঞ্চল্যকৰ ঘটনা।

বৃহস্পতিবাৰে সন্ধিয়া কুমাৰপাৰাত সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা।

অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত হয় শ্যাম ৰড নামৰ হাৰ্ডৱেৰ দোকানখনৰ এজন কৰ্মচাৰী।

কৰ্মচাৰীজনৰ নাম শ্যাম শৰ্মা বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আহত কৰ্মচাৰীজনক সংকটজনক অৱস্থাত আঠগাঁৱৰ মাৰোৱাৰী মেটাৰনিটী হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে ।

জানিব পৰা মতে, বাইকত আহিছিল দুই দুৰ্বৃত্ত আৰু গুলি চালনাৰ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা দুই দুৰ্বৃত্তই পলায়ন কৰে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ভৰলু আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

গুলিচালনাৰ ঘটনাক লৈ সমগ্ৰ কুমাৰপাৰা অঞ্চলত চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে।

বৰ্তমানলৈকে কি কাৰণত ব্যৱসায় প্ৰতিষ্ঠানটোৰ কৰ্চাৰীজনক গুলিয়ালে সেয়া ৰহস্যৰ আৱৰ্তত আছে।

Related News