NORTHEAST NOW (Assamese)

গুৱাহাটীত বিমানযোগে উপস্থিত কোভিড-১৯ৰ ভেকচিন

January 12, 2021 6:36 pm · এন ই নাও নিউজ

অসম আৰু মেঘালয়ৰ বাবে প্ৰথম পৰ্যায়ৰ কোভিড ভেকচিন মঙলবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছে।

মঙলবাৰে সন্ধিয়া ৫.১০ মিনিটত কোভিড ভেকচিন কঢ়িওৱা এখন বিমান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে।

গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কোভিড ভেকচিন সমূহ শীতল ভাণ্ডাৰত ৰখাৰ ব্যৱস্থা কৰা হয়।

অসম আৰু মেঘালয়ৰ বাবে প্ৰায় ২ লাখ ৭৬ হাজাৰ কোভিড ভেকচিন আজি গুৱাহাটীলৈ অনা হয়।

১২ হাজাৰকৈ ভেকচিন ভৰ্তি প্ৰায় ২০ টা বাকচ বিমানযোগে গুৱাহাটীত উপস্থিত হয়।

২০ টা বাকচৰ ভিতৰত ১৭ টা অসমৰ বাবে আৰু ৩ টা মেঘালয়ৰ বাবে অনা হৈছে।

দেশত কোভিডৰ বিৰুদ্ধে জৰুৰীকালীন ব্যৱহাৰৰ বাবে ইতিমধ্যে চেৰাম ইষ্টিটিউটৰ কোভিশ্বিল্ড আৰু ভাৰত বায়োটেকৰ কোভাক্সিনক অনুমতি প্ৰদান কৰা হৈছে।

চেৰাম ইষ্টিটিউটে ইতিমধ্যে কোভিশ্বিল্ডৰ ১০০ মিলিয়ন ভেকচিনৰ মূল্য ২০০ টকাকৈ নিৰ্দ্ধাৰণ কৰিছে।

সমগ্ৰ দেশত ১৬ জানুৱাৰিৰ পৰা কোভিডৰ ভেকচিন প্ৰদান কৰা হ’ব।

Related News