NORTHEAST NOW (Assamese)

শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰথম দ্বি বাৰ্ষিক অধিৱেশন

December 9, 2018 7:58 pm · কাজি জেইদুল ইছলাম 

অহা ২৩, ২৪ আৰু ২৫ ডিচেম্বৰত ৩দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ বিশ্বনাথ জিলা সমাজৰ প্ৰথম দ্বি-বাৰ্ষিক জিলা অধিৱেশন অনুষ্ঠিত হ’ব। এই উপলক্ষে আজি সাধৰুপাৰ নগাঁও বৰকুৰা বৰনামঘৰ প্ৰাঙ্গনত  অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়।

আজি পুঁৱা সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে পাঁচ শতাধিক লোকৰ উপস্থিতিত লাইখুঁটা স্থাপন কাৰ্যসূচী সম্পন্ন হয়। খোল-বৰ তাল বজাই পাভৈ ৰঙামূৰী বৰ নামঘৰৰ পৰা এক শোভাযাত্ৰা বাহিৰ কৰা হয়।

লাইখুঁটা স্থাপন কৰি আদৰণি সমিতিৰ সভাপতি তথা বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে কয় যে তিনিদিনীয়া বৰ্ণাঢ্য  কাৰ্যসূচীৰে আয়োজিত অধিৱেশনখন সফল কৰি তুলিবলৈ হ’লে মূল সমিতিৰ লগতে আটাইকেইখন উপ সমিতিয়ে মিলা প্ৰীতিৰে কাম কৰিব লাগিব।

আজিৰ কাৰ্যসূচীত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি অকণ শইকীয়া, আদৰণি সমিতিৰ সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, উপ সভাপতি ফটিক শইকীয়া, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি ভূপেন দাধৰা, বিশ্বনাথ জিলা আইমাতৃ সমাজৰ সম্পাদিকা জ্যোতি দাধৰাকে কেইবাগৰাকীও লোক উপস্থিত থাকে।

Related News