প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক পৰাজিত কৰা বিজেপিৰ প্ৰথম সাংসদ জংগা ৰেড্ডীৰ মৃত্যু

reddy

প্রয়াত বিজেপি সাংসদ চেন্দুপাটলা জংগা ৰেড্ডী।

দেশৰ প্ৰথম দুগৰাকী বিজেপি সাংসদৰ অন্যতম চেন্দুপাটলা জংগা ৰেড্ডীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। বাৰ্দ্ধক্যজনিত ৰোগত শনিবাৰে পুৱা মৃত্যু ঘটা ৰেড্ডীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭বছৰ।

১৯৯৪চনৰ লোকসভা নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশৰ হানমকোণ্ডা লোকসভা সমষ্টিত তদানীত্বন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী মন্ত্ৰীসভাৰ সদস্য পি ভি নৰসিংহ ৰাওক পৰাজিত কৰি ৰেড্ডী লোকসভালৈ নিৰ্বাচিত হৈছিল।

পৰাজিত হোৱাৰ সূত্ৰে সেইবাৰ প্ৰথম নৰসিংহ ৰাও ৰাজীৱ গান্ধী মন্ত্ৰীসভাত স্থান পোৱা নাছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয়।

লগতে পঢ়ক: জুকাৰবাৰ্গৰ বেয়া দিন! ধনীৰ তালিকাত তেওঁক অতিক্ৰমি আগবাঢ়িল আদানি আৰু আম্বানি

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী জংগা ৰেড্ডীয়ে ১৯৬৪চনৰ পৰা ১৯৮৪চনলৈকে তিনিবাৰকৈ অবিভক্ত অন্ধ্ৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত জনসংঘ আৰু বিজেপিৰ টিকটত বিজয়ী হৈছিল।

উল্লেখ্য যে ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত অনুষ্ঠিত লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। বিজেপিয়ে প্ৰথমবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মাত্ৰ দুখন আসনত বিজয়ী হৈছিল।

অবিভক্ত অন্ধ্ৰ প্ৰদেশৰ হানমকোণ্ডাৰ পৰা নিৰ্বাচিত হৈছিল চেন্দুপাটলা জংগা ৰেড্ডী। সেইদৰে, গুজৰাটৰ মেহছানা লোকসভা সমষ্টিৰ পৰা অমৃতলাল কালিদাস পেটেল নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক:ধনী ভিক্ষাৰী! মহিলা ভিক্ষাৰীৰ বেংক একাউন্টত ওলাইছে লাখ লাখ টকা; ৰহস্যটোনো কি?

অমৃতলাল কালিদাস পেটেলে সেই সমষ্টিৰ পৰাই ছয়বাৰকৈ সাংসদ নিৰ্বাচিত হৈছিল যদিও জংগা ৰেড্ডী এবাৰেই সাংসদ হৈছিল।