দেশত নতুন ফৌজদাৰী আইন কাৰ্যকৰী হোৱাৰ পাছত ৰুজু প্ৰথম গোচৰ; অভিযুক্ত কোন?

ভাৰতীয় ন্যায় সংহিতাকে ধৰি তিনিখন নতুন অপৰাধমূলক আইন সোমবাৰৰ পৰা সমগ্ৰ দেশতে বলবৎ কৰা হ’ল। ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি (Indian Penal Code) ৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা গঠন কৰা হয়। আৰু নতুন ফৌজদাৰী আইনৰ অধীনত প্ৰথম এফআইআৰ দাখিল কৰা হৈছিল দিল্লীৰ এজন হ’কাৰৰ বিৰুদ্ধে। অভিযুক্ত হ’কাৰৰ নাম পংকজ কুমাৰ। তেওঁ বিহাৰৰ পাটনাৰ বাসিন্দা। নতুন দিল্লী ৰে’লৱে ষ্টেচনৰ সমীপৰ এটা পথৰ আশে-পাশে ব্যৱসায় চলোৱাৰ অভিযোগত নতুন চি আৰ পি চিৰ ২৮৫ ধাৰাত তেওঁৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে৷

২৮৫ নং ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে নিজৰ হাতত থকা সম্পত্তিৰ দ্বাৰা আন এজনৰ যাতায়তত বাধা দিয়ে বা আন ব্যক্তিৰ বিপদ, বাধা বা আঘাতৰ সৃষ্টি কৰে তেন্তে তেওঁক জৰিমনা বিহা হ’ব। যিটো পাঁচ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে।

এনডিটিভিৰ বাতৰি অনুসৰি দেওবাৰে নিশা নতুন দিল্লী ষ্টেচনৰ সমীপৰ এটা ৰাস্তাত হকাৰজনে পানীৰ বটল আৰু গুটখা বিক্ৰী কৰা দেখা পায়। অস্থায়ী দোকানখনে মানুহৰ সোঁতত বাধাৰ সৃষ্টি কৰাৰ বাবেই দোকানীজনক আঁতৰাবলৈ কোৱা হয়। কিন্তু দোকানীজনে সন্মতি নিদিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ল।

ভাৰতীয় দণ্ডবিধিৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ১৮৯৮ চনৰ ফৌজদাৰী বিধি আইনৰ ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত ‘ভাৰতীয় সাক্ষ্য অধিনিয়ম’—এই তিনিখন নতুন অপৰাধ আইন সোমবাৰৰ পৰা কাৰ্যকৰী হ’ল। কিন্তু নতুন আইনখনত কি কি অপৰাধ আৰু শাস্তিৰ কথা উল্লেখ কৰা হৈছে তাক লৈ বহু লোক বিমোৰত পৰিছে। বিৰোধী দলসমূহেও নতুন তিনিখন আইনৰ বিৰুদ্ধে কেইবাটাও আপত্তি উত্থাপন কৰিছে।