চত্তীশগড়ৰ প্ৰথম মুখ্য মন্ত্ৰী অজিত যোগীৰ বিয়োগ

অজিত যোগী, উৎস-ইণ্টাৰনেট

চত্তীশগড়ৰ প্ৰথম গৰাকী মুখ্য মন্ত্ৰী অজিত যোগীৰ আজি ৭৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়।

চত্তীশগড়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অজিত যোগী বিগত ৯ মে’ৰ পৰা শ্ৰী নাৰায়ানা হস্পিটেলত হৃদৰোগ আৰু হাওফাওজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ পুত্ৰ অমিত যোগীয়ে পিতৃৰ বিয়োগৰ খবৰ টুইটাৰ যোগে প্ৰকাশ কৰে।

প্ৰয়াত অজিত যোগীয়ে চত্তীশগড়ৰ মুখ্য মন্ত্ৰী হিচাপে ২০০০ চনৰ নৱেম্বৰৰ পৰা ২০০৩ চনৰ নৱেম্বৰলৈ কাৰ্য্যনিৰ্বাহ কৰিছিল।

‘‘অকল মই নহয় চত্তীশগড়ৰ ডেৰ কোটি জনসাধাৰণে তেওঁলোকৰ পিতৃক হেৰুৱালে। মাননীয় অজিত যোগীয়ে ডেৰ কোটি জনসাধাৰণৰ পৰিয়ালক এৰি ইশ্বৰৰ চৰণলৈ গমন কৰিলে। গাঁও আৰু দুখীয়াৰ সহায় আমাৰ পৰা বহু দূৰলৈ গতি কৰিলে,’’ অমিত যোগীয়ে টুইটাৰত লিখে।

আনহাতে, চত্তীশগড়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ বিয়োগত বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলে গভীৰ শোক ব্যক্ত কৰে।

পৃথক চত্তীশগড় ৰাজ্য গঠনত প্ৰয়াত অজিত যোগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

প্ৰয়াত ভাৰতৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্য্যকালত চত্তীশগড়ে পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল।