NORTHEAST NOW (Assamese)

কোভিড সৃষ্ট জটিলতাত তেলেংগানাৰ প্ৰথম গৰাকী গৃহ মন্ত্ৰীৰ দেহাৱসান

October 22, 2020 5:34 pm · এন ই নাও নিউজ
তেলেংগানাৰ প্ৰথম গৃহ মন্ত্ৰী

জেষ্ঠ টি আৰ এছৰ নেতা তথা তেলেংগানাৰ প্ৰথম গৃহ মন্ত্ৰী নাইনি নৰসিংহ ৰেড্ডীৰ কোভিড জনিত জটিলতাৰ বাবে বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত ৰেড্ডীৰ বয়স আছিল ৮৬ বছৰ।

ৰেড্ডীয়ে হায়দৰাবাদৰ এপ’ল’ চিকিৎসালয়ত কোভিডৰ পাছত সৃষ্টি হোৱা জটিলতাৰ চিকিৎসা গ্ৰহণ কৰি আছিল।

২০০১ চনত জন্মহোৱা টি আৰ এছৰ এগৰাকী আগশাৰীৰ নেতা আছিল নাইনি নৰসিংহ ৰেড্ডী।

কোভিডৰ পৰা আৰোগ্য হৈ উঠা ৰেড্ডীয়ে তিনিসপ্তাহ পূৰ্বে নিউমোনিয়াত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ’ল’ হস্পিটেলত ভৰ্তি হৈছিল।

২১ অক্টোবৰত তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু ৰাজ্যসভাৰ সাংসদ সন্তোষ কুমাৰেও চিকিৎসালয়লৈ গৈ ৰেড্ডীৰ চিকিৎসাৰ বুজ লৈছিল।

তেলেংগানাৰ প্ৰাক্তন গৃহ মন্ত্ৰী গৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও হতভম্ব হৈ পৰে।

পৃথক তেলেংগানা ৰাজ্যৰ বিচাৰি কৰা আন্দোলনত ৰেড্ডী প্ৰথমৰ পৰা কে চন্দ্ৰশেখৰ ৰাৱৰ সংগী আছিল।

মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে মুখ্য সচিৱ সন্তোষ কুমাৰক সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে ৰেড্ডীক শেষ বিদায় জনোৱাৰ বাবে নিৰ্দেশ দিছে।

Related News