ভাৰতবৰ্ষত বিচিত্ৰতাৰ যেন অন্ত নাই।
দেশৰ বহু মন্দিৰত মদ-মাংসৰ প্ৰৱেশ নিষিদ্ধ যদিও এনে বহু কেইটা মন্দিৰো আছে য’ত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ-মাছ-মাংস আদি।
যুগ যুগ ধৰি এই মন্দিৰসমূহত ভক্তই মদ-মাংস প্ৰসাদ হিচাবে আগবঢ়াই আহিছে।
মদ-মাংস আদি প্ৰসাদ হিচাবে আগবঢ়োৱা দেশৰ কেইটামান মন্দিৰ হ’ল—
- কাল ভৈৰৱ মন্দিৰ:মধ্যপ্ৰদেশৰ উজ্জয়নত থকা কাল ভৈৰৱ মন্দিৰত বহু কাল ধৰি মদ-মাংস,মাছ আদি প্ৰসাদ হিচাবে আগবঢ়াই অহা হৈছে যদিও শেহতীয়াকৈ মন্দিৰ পৰিচালনা সমিতিয়ে মাছ-মাংস বাদ দি কেৱল মদ প্ৰসাদ হিচাবে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।
- খাবিছ বাবা মন্দিৰ:লক্ষ্ণৌৰ খাবিছ বাবা মন্দিৰত প্ৰতিদিনে ভক্তই হাতত প্ৰসাদ হিচাবে হুইস্কিৰ বটললৈহে প্ৰৱেশ কৰে। সেই প্ৰসাদ পিছত ভক্তৰ মাজত বিতৰণ কৰা হয়।
- পাৰাচিন্নিক্কাদাভু মন্দিৰ:কান্নুৰৰ পাৰাচিন্নিক্কাদাভু মন্দিৰত অনুষ্ঠিত কুম্ভম উৎসৱত ভক্তই মদ-মাংস আৰু মাছেৰে পূজা-অৰ্চনা কৰা হয়।এই উৎসৱৰ বাবেও আন সময়তো ভক্তই মদ প্ৰসাদ হিচাবে আগবঢ়ায়।
- উত্তেৰেশ্বৰী মন্দিৰ:ওড়িশাৰ উত্তেৰেশ্বৰী মন্দিৰত প্ৰাৰ্থনা কৰিলে মৃগী বেমাৰ ভাল হয় বুলি বহুতে বিশ্বাস কৰি আহিছে। এই মন্দিৰৰ দেৱী উত্তেৰেশ্বৰীক মদেৰে পূজা কৰিলেহে দেৱী সন্তুষ্ট হয় বুলি কোৱা হয়।
- কাশী কে কটোৱাল:বাৰানসীৰ কাশী কে কটোৱাল মন্দিৰত প্ৰসাদ হিচাবে মদ আৰু মাংস আগবঢ়াই অহা হৈছে।
- জিভা মামা মন্দিৰ:ভদোদৰাৰ জিভা মামা মন্দিৰ স্থাপন কৰা হৈছিল সেই অঞ্চলৰ লোকসকলক ডাকাইতৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰা জিভা মামাৰ স্মৃতিত। জিভা মামাই মদ-মাংস ভাল পাইছিল। সেইবাবে মন্দিৰটোত প্ৰসাদ হিচাবে মদ-মাংস আগবঢ়োৱা হয়।
- ভদ্ৰ কালী মন্দিৰ: পুৰণি অমৃতসৰত থকা ভদ্ৰ কালী মন্দিৰত ভক্তই দেৱীক প্ৰসাদ হিচাবে আগবঢ়াই আহিছে মদ। সে মদ পিছত ভক্তৰ মাজত বিলাই দিয়া হয়।