NORTHEAST NOW (Assamese)

মেঘালয়ৰ নতুন মুখ্য সচিব হিচাপে নিৰ্বাচিত ৰেবেকা ভেনেছা চুচিয়াং

September 30, 2021 9:51 am · এন ই নাও নিউজ

আইএএছ বিষয়া ৰেবেকা ভেনেছা চুচিয়াংক মেঘালয় চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

চুচিয়াং হৈছে ৰাজ্যখনৰ জ্যেষ্ঠতম আইএএছ বিষয়া আৰু মুখ্য সচিব পদত নিযুক্ত হোৱা প্ৰথম গৰাকী খাচী মহিলা।

বৰ্তমান কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰেবেকা ভেনেছা চুচিয়াঙে আজি ৰাজ্যখনৰ মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

আজি মুখ্য সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া এম.এছ. ৰাওৰ উত্তৰাধিকাৰী হিচাপে চুচিয়াং মুখ্য সচিব পদত অধিষ্ঠিত হ’ব।

অৱসৰৰ পিছত মেঘালয় ৰাইট টু পাব্লিক চাৰ্ভিচ এক্ট, ২০২০ অনুসৰি ৰাওক ৰাজ্যিক লোক সেৱা বিতৰণ আয়োগৰ মুখ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

বিৰোধী মুখ্য নেতা, পিটি চাওকমিয়ে চুচিয়াঙক মুখ্য সচিব হিচাপে নিযুক্তি দিয়াৰ বাবে অভিনন্দন জনাইছে।

ৰাজ্যখনলৈ আগবঢ়োৱা সেৱাৰ বাবে বিদায়ী মুখ্য সচিব এমএছ ৰাওৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি চাওকমীয়ে কয়, “আমি তেওঁৰ বাবে গৌৰৱ অনুভৱ কৰোঁ আৰু অনাগত বছৰবোৰত তেওঁক শুভকামনা জনাইছো।”

“আপুনি নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিছে। ৰাজ্যখনৰ মানুহে আপোনাক মনত ৰাখিব।” চাওকমিয়ে কয়।

Related News